মিউনিচিপালিটিৰ পৰা ঠিক কৰি দিয়ে। এনেতে মই সুধিলোঁ “আমি উঠা এই ঘৰখনত কিমান মানুহ থাকিব আৰু ভাৰা কিমান হব।” তেতিয়া তেখেতে দুৱাৰত মাৰি থোৱা টিকেট এখন মোক পঢ়ি চাবলৈ কলে। মই পঢ়ি দেখিলোঁ যে, এই ঘৰ খনত ২১ জন যাত্ৰী থাকিব পাৰিব আৰু ভাৰা ৬৩৲ টকা হব। কথাটো জানি মোৰ ভাৱনা হল ইমান মানুহৰ মাজত, ইমান ভাৰা দি লৰা- ছোৱালী লৈ থাকা বৰ টান কথা। আন ঘৰ ভাৰা কৰি থকাই ভাল। আমাৰ অভিপ্ৰায় মহাপাত্ৰক কোৱাত তেখেতে আমাৰ লগত এজন গোমাস্তা দি কলে “আপোনালোক সাগৰৰ পাৰলৈ যাওক তাত ভাল ঘৰ ভাৰা কৰিব পাৰিব।” মই আৰু মোৰ পৰিবাৰ দুয়ো, লৰা ছোৱালীক এৰি গোমস্তাৰ লগত সাগৰৰ পাৰলৈ ঘৰ বিচাৰি ওলালোঁ। প্ৰথমে স্বৰ্গ দ্বাৰৰ ফালে গলোঁ। গৈয়ে এখন খালি ঘৰ পাই খবৰ কৰিলোঁ। পুৰীত বিশেষকৈ সাগৰৰ পাৰত বহুত বেমাৰী মানুহে ঘৰ ভাৰা কৰি থাকে। সেই কাৰণে ভাল ঘৰ বাচি লোৱা টান। পিচে আমি যিখন ঘৰ পালোঁ সেইখন পুৰীৰ চেনিটাৰী ইন্সপেক্টৰৰ জিম্বত থকা। গতিকে ঘৰখন নিৰোগী মানুহ থকা বুলিলেই বিশ্বাস হোৱত প্ৰভুক চিন্তি মাহে ২৫৲ টকা হিচাবে বন্দবস্ত কৰি দুটকা বাইনা দি ঘৰখন পৰিষ্কাৰ কৈ ৰাখিব কলোঁ। কালি পুৱা আহিম বুলি কৈ আমি সাগৰৰ পাৰে পাৰে এটা পাক মাৰিলোঁ আৰু গধূলি ৭ বজাত বাহাঁ ঘৰ পালোঁ। লৰাহঁতে বেছ স্ফুৰ্ত্তি কৰি আছে। পুৰীত বান্দৰ সংখ্যা বৰ বেচি। আমি যোৱাৰ পাচতে জাকে জাকে বান্দৰ
পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৫৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
শ্ৰীক্ষেত্ৰ।