১৮। যাতায়াত আৰু খৰচ পাতি।
আমাৰ মানুহে ভাৱে পুৰীলৈ যোৱা বৰ টান কথা। পাণ্ডা নহলে যাব নোৱাৰি; খৰচ আদিও বেছি লাগে; সময়ো বহুত লাগে। ইত্যাদি অযথা ভাবি বহুতে মন থাকিলেও যাব নোখোজে। কিন্তু এনে ধাৰণাৰ একো মূল্য নাই। যোৱা অহা অতি সুলভ। পাণ্ডাৰ আৱশ্যক নকৰে। খৰচো বেচি নহয়।
গুৱাহাটীৰ পৰা যাবলৈ হলে গধূলি ডাক গাড়ীত উঠি পাচ দিনা পুৱাতে পাৰ্ব্বতীপুৰত গাড়ী সলাই একেবাৰে কলিকতাৰ শিয়ালদহ ষ্টেচনত নামিব লাগে। তেতিয়া প্ৰায় ১॥০টা বাজে। কলিকতাত নামি প্ৰায় ৬ ঘণ্টা মান সময় পোৱা যায়। ভিতৰত ধৰ্ম্মশালা, হোটেল বা কোনো পৰিচিত লোকৰ ঘৰত নাইবা নিজৰ লগত নিয়া জলপান খাই সুস্থিৰ হৈ হাৱৰা ষ্টেচনলৈ যাব লাগে। নাইবা শিয়ালদহত নামি পোনে পোনেই গাড়ী এখন ভাৰা কৰি হাৱৰা বুলি গৈ নামিব লাগে। হাৱৰাৰ ওচৰত ধৰ্ম্মশালা আছে; তাতে উঠি জলপান খাই সুস্থিৰ হব পাৰি নাইবা ষ্টেচনতে এফলীয়াহৈ নিজৰ টেপোলাত নিয়া জলপান কৰিলেও হয়। পিচে হাৱৰা ষ্টেচনত টিকট কৰি ৰাতি ৮টা বজাত পুৰীৰ গাড়ীত উঠিব লাগে। পুৰীৰ ডাক গাড়ীত গলে পাচ দিনা পুৱা ৬টা বজাতে পুৰী পোৱা যায় আৰু যাত্ৰী গাড়ীত গলে আবেলি ৩টা বজাত পুৰী পোৱা যায়। যাৰ যেনে সম্বল তেনে গাড়ীত উঠি পুৰী বুলি যাব লাগে। ষ্টেচনত অসমৰ পাণ্ডাৰ নাম কলে