সোণা কুৱাঁৰ পানী সংস্কাৰ কৰি ৰাখে। সেই সোণা কুৱাৰ পৰা ১০৮ কলহ জল তুলি আনে। কৰ্পূৰ, চন্দন, গোন্ধ তেল আদি বিগ্ৰহৰ অঙ্গত লেপন কৰি ১০৮ কলহ জল মন্ত্ৰ উচ্চাৰণ কৰি ঢালিব ধৰে। স্নান অমৃত জল সৰু নিঝৰাৰ দৰে বৈ স্নান জল কুণ্ডত পৰিব ধৰে। স্ননান্তে বিগ্ৰহৰ অঙ্গ পাতৰ বসনেৰে সুশোভিত কৰি তোলে। পাচত আৰতি কৰি ভোগ নিবেদন কৰা হয়। ভোগ নিবেদনৰ পাচত আকৌ আৰতি কৰা হয়। অবশিষ্ট প্ৰসাদ ভাৰে ভাৰে বুঝিয়া সকলে লৈ যায়। স্নান মণ্ডপ শুদ্ধ হোৱাৰ পাচত জগন্নাথ প্ৰভুৱে বিশ্ৰাম কৰে। এই বিশ্ৰামৰ সময়তে যাত্ৰী সকলে দৰ্শন স্পৰ্শন কৰে।
এই স্নান পৰ্ব্ব দৰ্শন কৰিবলৈ ভাৰতৰ ভিন ভিন ঠাইৰ পৰা অসংখ্য নৰনাৰী আহে। ইমান ভিৰ হয় যে পাণ্ডাৰ সহায় নহলে স্নান মণ্ডপলৈ যোৱাই টান! থেলাথেলি, হেচা হেচি, বেত্ৰা ঘাট, সকলো লগাই আছে। এনে ভিৰৰ মাজতেই ভকত সকলে প্ৰভুক দৰ্শন কৰি ভাৱত মগ্ন হৈছে। কোনোৱে স্পৰ্শ কৰি জীৱন সাৰ্থক কৰিছে। কোনোৱে স্নানৰ জল মূৰত লৈ তৃপ্তি পাইছে। কোনোৱে জনসাধাৰণৰ মাজত দীঘল দি ভৰিৰ ধূলা মূৰত লৈছে। সকলোৰে এক ভাব, এক প্ৰাণ, কেৱল প্ৰভু দৰ্শনৰ আকাঙ্ক্ষা। অনুমান হয় প্ৰত্যেকে যেন স্বয়ং ভগবন্তকহে দৰ্শন কৰিব আহিছে। এয়ে হৈছে অন্তৰৰ তান, প্ৰাণৰ তান, হৃদয়ৰ প্ৰেৰণা। এই প্ৰেৰণাত আপ্লত হৈ বহুতে আত্মবোধ উপলব্ধি কৰি পৰম আনন্দ অনুভৱ কৰিছে।