জগন্নাথ নাম হল। এই তীৰ্থত হিন্দুৰ সকলো দেৱদেৱী মঠ মন্দিৰ দেখিবলৈ পোৱা যায়। ইয়াত সাম্প্ৰদায়িক ভাব নাই। ভগৱন্তে স্বনাম ধাৰণ কৰি সকলো সম্প্ৰদায়ৰে আৰাধ্য, পূজ্য আৰু বৰেণ্য হৈ বিৰাজ কৰিছে। প্ৰত্যেক সম্প্ৰদায়ে নিজ নিজ মত অনুসাৰে জগন্নাথৰ পূজা অৰ্চ্চনা কৰিব পাৰে। এই জগন্নাথ তীৰ্থক আশ্ৰয় কৰি পুৰী ক্ষেত্ৰত অলেখ মঠ, মন্দিৰ, সত্ৰ স্থাপনা কৰা আছে। সকলোৰে উদ্দেশ্য এক জগন্নাথকে সেৱা পূজা কৰা। মন্দিৰৰ মেঘনাদৰ ভিতৰত অসংখ্য দেৱদেৱীৰ মূৰ্ত্তি। ভক্ত সকলে নিজ অভিৰুচি মতে দেবদেৱীৰ পূজা অৰ্চ্চনা কৰি শেষত জগন্নাথ দৰ্শন কৰে। জ্ঞানৰ কৃষ্টিৰ লগে লগে খাপক খাপে দেৱ দেৱীক তুতি কৰি শেষত পৰম ব্ৰহ্ম নাৰায়ণক পূজি ভক্ত সকলে শান্তিলাভ কৰে। সেই কাৰণে জগন্নাথেই মহাতীৰ্থ। এই মহাতীৰ্থৰ মাহাত্ম্যত সমস্ত ভাৰতৰ নৰনাৰী তীৰ্থ দৰ্শন কৰি জীৱন সাৰ্থক কৰে।
১১। মঠ মন্দিৰ।
শ্ৰীক্ষেত্ৰৰ মাহাত্ম্য শুনি ভাৰতৰ প্ৰায় প্ৰত্যেক সম্প্ৰদায়ে পুৰী ক্ষেত্ৰত নিজ নিজ মঠ-মন্দিৰ সাজি নিজ নিজ আৰাধ্য দেৱতা প্ৰতিষ্ঠা কৰিছে। প্ৰত্যেক মঠ-মন্দিৰৰ পৰা নিৰ্দ্ধাৰিত পৰিমাণৰ ভোগ জগন্নাথ মন্দিৰত যোগোৱা হয়। অলেখ মঠ মন্দিৰ আছে তাৰ প্ৰধান প্ৰধান চাই কেইটামানৰ নাম উল্লেখ কৰা হলঃ –