জগন্নাথ দেৱ আবিৰ্ভাব হয়। জগন্নাথৰ আবিৰ্ভাৱ স্মৰণ কৰাৰ উদ্দেশ্যে এই স্নান যাত্ৰা পতা হয়। স্নান মণ্ডপত তিনিও জনা বিগ্ৰহ তিনিটা বেলেগ বেলেগ বেদীত তোলা হয়। তাৰ পাচত ১০৮ কলহ জল কলহেৰে সোণা কুৱাৰ পৰা আনি তিনিও জনাৰ অঙ্গত ঢালা হয়। স্নানৰ পাচত জগন্নাথে গণেশ ৰূপ ধাৰণ কৰে। স্নান মণ্ডপতে আৰতি কৰি ভোগ নৈবেদ্য সকলো দিয়া হয়। ভোগৰ পাচত জগন্নাথে বিশ্ৰাম লয়। এই বিশ্ৰামৰ সময়ত যাত্ৰী সকলে দৰ্শন স্পৰ্শন কৰে। সন্ধ্যা সময়ত সকলো বিগ্ৰহ মন্দিৰৰ ভিতৰলৈ আনা হয়। স্নানৰ পাচত জগন্নাথদেৱ মন্দিৰৰ ভিতৰ সোমালে দুৱাৰ বন্ধ কৰি ৰাখে। ১৫ দিনৰ মূৰতহে দুৱাৰ খোলা হয়। এই ১৫ দিনৰ ভিতৰত সেৱক ভিন্ন আন কোনোৱে জগন্নাথ দৰ্শন নাপায়।
ৰথযাত্ৰাঃ—আহাৰ মাহৰ শুক্লা দ্বিতীয়া তিথিত জগন্নাথ দেৱে ৰথত উঠি ঘুনুচা মণ্ডপলৈ যাত্ৰা কৰে। এই ঘুনুচা যাত্ৰাই ৰথযাত্ৰা। জগন্নাথে বলৰাম সুভদ্ৰা আৰু সুদৰ্শন সহ ঘুনুচা মণ্ডপলৈ যায়। তিনিখন বেলেগ বেলেগ ৰথত তিনিও জনা বিগ্ৰহ আৰোহণ কৰে। এই ঘুনুচা মণ্ডপ হৈছে ইন্দ্ৰদ্যুম্ন ৰজাৰ যজ্ঞৰ বেদী। ইয়াৰ কাষতে ইন্দ্ৰদ্যুম্ন সৰোবৰ। এই সৰোবৰ সহস্ৰ ঘোঁৰাৰ খুড়াৰ খছণীত খাল হৈ উৎপন্ন হৈছে। বুনুচা মণ্ডপত জগন্নাথ সাত দিন থাকে।
ৰথৰ বিবৰণঃ-
১। জগন্নাথৰ ৰথ—এই ৰথ ১৬টা কাঠৰ চকৰিৰ ৰথ,