পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
শ্ৰীক্ষেত্ৰ।


 

 ২। দন্ত ধাবন আৰু স্নানঃ—এই সেৱাত নিমু গছৰ ডালেৰে দাঁত মাৰ্জ্জন কৰোৱা হয়। চকু মুখ ধুৱাই সুগন্ধি তেল ঘাঁহি কৰ্পূৰ মিশ্ৰিত সুগন্ধি জলেৰে জগন্নাথক স্নান কৰোৱা হয়।

 ৩। প্ৰাতঃ বেশঃ—স্নান সেৱাৰ পাচত জগন্নাথক সুন্দৰ উত্তম পাতৰ কাপোৰ পিন্ধাই মালা ফুল চন্দন আদিৰে সজোৱা হয়। এয়ে হৈছে বস্ত্ৰ পৰিধান সেৱা। এই বস্ত্ৰ সেৱাৰ সময়ত ভগৱন্তৰ পাকশালাত হোম পোৰা হয়। এই হোমৰ অগ্নিৰে ভোগ ৰন্ধা চৌকা জ্বলোৱা হয়।

 ৪। বাল্যভোগঃ—সূৰ্য্য আৰু দ্বাৰপালক পূজা কৰাৰ পাচত জগন্নাথ দেৱক বাল্যভোগ নিবেদন কৰা হয়। বাল্যভোগত পকা কল, মালা, মুৰকি ( গুড়ৰ লগত ভজা আখৈ ), চাচিৰে মিহলি কৰা নাৰিকল, দৈ আৰু লাৰু ইত্যাদি দিয়া হয়। (চাচি- গুড়ৰ পৰা কৰা হয়; ইয়াক পিহিলে চেনীৰ নিচিনা গুৰা হয়; চেনিৰ পৰিবৰ্ত্তে এই চাচিহে ভোগত ব্যবহাৰ হয় )।

 |৫। ৰাজভোগ—পুৱা দহ মান বাজাত ৰাজভোগ নিবেদন কৰা হয়। এই ভোগত খেচৰান্ন, আদা পাচন, শাক ভাজি, চন্দ্ৰকান্তি পিঠা, হংসকেলি পিঠা, ফেনী পিঠা, জিলাপী, পুলি পিঠা, গাখীৰ পিঠা আদি দিয়া হয়।

 প্ৰত্যেক ভোগ নিবেদন কৰি অলপ পৰ মন্দিৰৰ দুৱাৰ বন্ধকৈ ৰাখে, তাকে তেৰাপৰা বোলে। সময়মতে পূজাৰীয়ে দুৱাৰ মেলি আৰতি কৰে। তাৰ পাচত সেৱক সকলে অৱশিষ্ট