পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
শ্ৰীক্ষেত্ৰ।

দেবদাসী আদিও নানান সেৱক আছে। প্ৰতিদিন পালা মতে ৩৬ জন সেৱকে জগন্নাথৰ সেৱা কাৰ্য্য কৰে। উৎসৱাদিৰ সময়ত আৰু বহু সংখ্যক সেৱক নিয়োগ কৰা হয়। প্ৰত্যেক সেৱকে নিজৰ নিজৰ নিৰ্দ্ধাৰিত কাম হে কৰিব; আনৰ কামত হাত দিব নোৱাৰে। ৰজা ইন্দ্ৰদ্যুম্নই পাতি থোৱা সেৱকৰ বংশধৰ সকলেহে সেৱক কাৰ্য্য কৰিব পাৰে আন বংশৰ মানুহে নোৱাৰে। প্ৰত্যেক সেৱকে ৰজাৰ নিৰ্দ্ধাৰিত মতে গা খৰচ, কাপোৰ কানি সকলে। মন্দিৰৰ ভঁৰালৰ পৰা পায়।

৪। নিত্য সেৱা পূজা।

 দাৰু ব্ৰহ্ম জগন্নাথক স্বয়ং চৈতন্যময় ভগৱন্ত কল্পনা কৰি ৰাতিপুৱাৰ পৰা নিশা বাৰ মান বজালৈ সেৱা, পূজা, ভোগ, নৈবেদ্য আদি নিবেদন কৰা হয়। সময় অনুসাৰে আৱশ্যকীয় সকলো সেৱাৰ কাৰ্য্য আৰম্ভ কৰা হয়।

প্ৰত্যেক সেৱা পূজাৰ আভাস তলত দিয়া হলঃ-


 ১। জাগৰণঃ—ধল পুৱাতে গীত বাদ্যৰ দ্বাৰা মঙ্গল আৰতি কৰি জগন্নাথ দেৱক জগোৱা হয়।

উঠৰে উঠ বাপু চান বয়ন।
যশোৱা মায়ে ডাকে ঘন ঘন॥
লহু লহু বহে মলয় বাৱ।
কোকিলে তেজে সুললিত ৰাৱ

 এয়ে হল জগন্নাথৰ জাগৰণ সেৱা।