দেৱে তেওঁক দৰ্শন দিয়া নাছিল। এনেকি জয়দেৱে যি ফালে বহি তুতি মিনতি কৰে সেইফালে জগন্নাথ পাচ দি ঘূৰে। শেষত একো উপায় নাপাই জয়দেৱে পূৱদিশত সিংহ দৰ্জ্জাৰ সমুখত বহি একান্ত মনে তুতি, ভকতি, মিনতি কৰিব ধৰিলে। মিনতি ভকতি কৰিব জয়দেৱ যেনে বহিল আৰু নুঠাতে পৰিল। চকুৰ পানীৰে দুৱাৰ মুখ ভাহি গলা কত বিভীষিকাই জয়দেৱক ভয় দেখুৱাব ধৰিলে, জয়দেৱৰ ভ্ৰূক্ষেপ নাই। জগন্নাথৰ তুতিতে মগ্ন। অৱশেষত প্ৰভু জগন্নাথ ভকতৰ তুতিত স্থিৰ থাকিব নোৱাৰি জয়দেৱ থকা পিনে মুখ দি ঘূৰিল। তেতিয়াৰ পৰা জগন্নাথ মন্দিৰ পূৱ মুৱা হল। এয়ে হৈছে কিংবদন্তী। সেই কাৰণে আমাৰ ইয়াত জগন্নাথ দেৱৰ গীত গাওঁতে শুনা যায় যে -
(১) এপ্ৰভু জগন্নাথ আছিলা দক্ষিণ মুখে
জয় দেৱৰ তুতি পাই,
পূৱ মুৱা হল যায়।
ৰাইজক ৰাখিবৰ মনে॥
(২) আছিলা দক্ষিণ মুখে প্ৰভু জগন্নাথ।
জয়দেৱে কৰে তুতি চপৰাই মাথ॥
পূব দিশ হন্তে মাতে মহা ভক্তি কৰি।
ভকত বৎসল হৰি চাইলন্ত পূৱে ঘূৰি॥
(৩) জয়দেৱে তুতি কৰে মঠে সমম্বিতে।
আপুনি ঘূৰিছা প্ৰভু ভকতকে ৰাখি॥
ইত্যাদি।