পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
শ্ৰীক্ষেত্ৰ।


একে মন্দিৰে আজিলৈ বৰ্ত্তমান আছে। জগন্নাথৰ এই নতুন মন্দিৰ সাজা ১৪ বছৰ সময় লাগিছিল আৰু ৪০ লক্ষ টকা খৰচ হৈছিল। মন্দিৰটো ১২৬ হাত ওখ আৰু ২৮ হাত বহল। গোটেই মন্দিৰটো শিলৰ পাতেৰে গঁথা। মন্দিৰটো বিশেষকৈ দ্ৰাবিড়িয়ান শিল্প কলাৰ আৰ্হিত নিৰ্ম্মাণ কৰা বুলি অনুমান হয়। বৌদ্ধ মন্দিৰৰ কাৰু কাৰ্য্য মতে এই মন্দিৰ নিৰ্ম্মাণ হৈছিল, বেচ অনুমান কৰিব পাৰি। মন্দিৰৰ গাত প্ৰধান প্ৰধান দেৱদেৱীৰ মূৰ্ত্তি কাটা। ৰামায়ণ মহাভাৰতৰ কাৰ্য্য কলাপৰ মূৰ্ত্তি, দশ অৱতাৰ আৰু শ্ৰীকৃষ্ণৰ সকলো লীলাৰ মূৰ্ত্তি এই মন্দিৰৰ গাত নিৰ্ম্মাণ কৰা আছে। মন্দিৰৰ ওপৰত অষ্ট ধাতু নিৰ্ম্মিত প্ৰকাণ্ড নীল চক্ৰ এটি আছে। এই চক্ৰৰ নাম বিষ্ণুচক্ৰ। এই বিষ্ণুচক্ৰৰ ওপৰত ধ্বজ পতকা দিয়া হয়। প্ৰতি একাদশী তিথিত এই চক্ৰৰ ওপৰত এগছ ঘিউৰ ডাঙৰ বন্তি জ্বলোৱা হয়। এই বন্তিয়েই হৈছে মহাবন্তি।

 মন্দিৰৰ সন্মুখঃ—জগন্নাথ মন্দিৰৰ আৰু এটি বিশেষত্ব দেখা যায় যে, আন আন হিন্দু মন্দিৰৰ নিচিনা এই মন্দিৰ পশ্চিম মূৱা নহয়, পূৱ মুৱাহে। এই সম্বন্ধে আমাৰ দেশত এটি কিংবদন্তী আছে। জয়দেৱে মহা পাপ কৰি পাপৰ পৰা উদ্ধাৰ পাবৰ আশাত নানান দুখ কষ্ট আৰু যন্ত্ৰণা সহ্য কৰি তপ, জপ, ধ্যান, আৰাধনা কৰিব ধৰিলে। ক’তো শান্তি নাপাই শেষত মহাপ্ৰভু জগন্নাথ দেৱৰ শৰণাপন্ন হৈ দেহে কেহে বাক্যে মনে তেওঁক আৰাধনা কৰিব ধৰিলে। জয়দেৱক মহাপাপী জানি জগন্নাথ