পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
শ্ৰীক্ষেত্ৰ।


হয়গ্ৰীৱ মূৰ্ত্তি নিৰ্ম্মাণ কৰি স্থাপন কৰে। এই কাৰণে শাস্ত্ৰৰ এঠাইত কৈছেঃ—

ইড়া সুৰ হয়গ্ৰীৱ মুৰাৰে মধু সুদন।
মণিকুট কৃতাবাস হয়গ্ৰীৱ নমোহস্তুতে।

 অৰ্থাৎ হে ইড়াসুৰ! হয়গ্ৰীৱ! হে মুৰাৰে! মধুসুদন! হে মনিকুট কৃতাবাস! হে হয়গ্ৰীৱ মাধৱ তোমাক প্ৰণাম কৰোঁ।

 শ্ৰীক্ষেত্ৰত যি দাৰু বৃক্ষৰ পৰা ইন্দ্ৰদ্যুম্ন ৰজাই জগন্নাথৰ মূৰ্ত্তি নিৰ্ম্মাণ কৰিছিল সেই দাৰু বৃক্ষৰ এক খণ্ডেৰে হাজোৰ মনিকুট পৰ্ব্বতৰ হয়গ্ৰীৱ মাধবৰ মূৰ্ত্তি নিৰ্ম্মাণ কৰা হৈছিল। সেই কাৰণে আমাৰ দেশত এটি প্ৰবাদ আছে যে শ্ৰীক্ষেত্ৰৰ জগন্নাথ দেৱক দৰ্শন কৰি আহি হাজোৰ হয়গ্ৰীৱ মাধৱ দৰ্শন কৰিব লাগে; তেহে জগন্নাথ দৰ্শনৰ পূৰ্ণ ফল পোৱা যায়। এয়ে হৈছে সৰ্ব্ব সাধাৰণৰ বিশ্বাস।

২। মন্দিৰ।

 বৰ্ত্তমান মন্দিৰঃ— ইন্দ্ৰদ্যুম্ন ৰজাই সজোৱা জগন্নাথ মন্দিৰ ক্ৰমে ক্ৰমে জীৰ্ণ অৱস্থাত পৰিল। মন্দিৰ মেৰামতি কৰি সংস্কাৰ কৰাৰ প্ৰয়োজন হল। সেই সময়ত উৎকলৰ ৰজা গজপতি বংশৰ অনঙ্গদেৱে পূৰীত ৰাজত্ব কৰিছিল। এই অনঙ্গদেৱেই জগন্নাথ মন্দিৰ সংস্কাৰ কৰি নতুনকৈ নিৰ্ম্মাণ কৰায়। এই নতুন মন্দিৰ সাজিবৰ আজি হাজাৰ বছৰৰো ওপৰ হল। তেতিয়াৰে পৰা সেই