“পৰশুনা শতয়ামাস নিশাতলতয়ৈব হি।
সপ্তধা দ্ৰুমৰাজম্ভং নিপপাত মহীতলে॥
ওড্ৰদেৰে মূল ভাগে কল্পয়ামাস বৈ বিভুঃ।
তদূৰ্দ্ধখণ্ডং কাশ্মীৰে কবন্ধকাৰ মেব চ॥
আদিত্যং তং বিজনীয়াদ্ৰামেন স্থাপিতং পুৰা।
শোনাদিত্যং তদুদ্ধঙ্গং শুক্ৰেন স্থাপিতং প্ৰিয়ে॥
শিলাৰূপং মহেশানি স্থাপিতা গুৰুণা ততঃ।
ভাগদ্বয়ং কামৰূপে ভাগৈকং মলয়া গিৰৌ॥
মণিকুটে ততোৰ্দ্ধঞ্চ স্থাপিতং বৰুণেন হি।
প্ৰাচ্যং নন্দী শমৈ শান্যে মৎস্যপ ক্ষোণাম মাধবঃ॥
(যোগিণী তন্ত্ৰ )
হয়গ্ৰীব মাধৱ মূৰ্ত্তিঃ —দাৰু বৃক্ষৰ সাত খণ্ডৰ এক খণ্ড আমাৰ কামৰূপৰ হাজোৰ মুনিকুট পৰ্ব্বতত হয়গ্ৰীৱ মাধৱৰ মূৰ্ত্তি স্বৰূপ স্থাপিত হয়। “হয়গ্ৰীৱ আখ্যান”তো লিখা আছে যে উৰ্ব্ব নামে এজন ঋষি আছিল। তেওঁ নানান তপ জপ কৰি বিষ্ণুক আৰাধনা কৰে। বিষ্ণুদেৱ তুষ্ট হৈ দৰ্শন দিয়াত ঋষিয়ে কলে “হে প্ৰভু! পাপীষ্ঠ হয়াসুৰৰ অত্যাচাৰত পৃথিবীত নানান অমঙ্গল ঘটিছে। এই অসুৰক বধ কৰি জগতত শান্তি স্থাপন কৰক আৰু নিজে অনুগ্ৰহ কৰি এই মনিকুট পৰ্ব্বতত বিৰাজ কৰক।” ভক্ত ঋষিৰ কথাত বিষ্ণুদেৱে হয়গ্ৰীৱৰূপ ধাৰণ কৰি হয়-অসুৰক বধ কৰে। পিছে উৰ্ব্ব ঋষিয়ে বৰুণ দেৱৰ অনুগ্ৰহত ইন্দ্ৰদ্যুম্ন ৰজাই সপ্ত খণ্ড কৰি কাটা দাৰু বৃক্ষৰ এচোৱাৰে মুণিকুট পৰ্ব্বতত