যেনে আদেশ পালে তেনে কৰিলে। স্বয়ং কৃষ্ণ মূৰ্ত্তি দেখি
ৰজাৰ আনন্দতে চকুপানী বব ধৰিলে। আনন্দত বিভোল হৈ
শ্ৰীকৃষ্ণত নিজৰ মৰমৰ ছোৱালী ঘুনুচাক বিয়া দিবলৈ সঙ্কল্প
কৰিলে।
ঘুনুচা মণ্ডপঃ— বিয়াৰ সঙ্কল্প কৰিয়েই মন্দিৰৰ পৰা প্ৰায় ১॥ মাইল মান অন্তৰত এটি ঠিক জগন্নাথ মন্দিৰৰ নিচিনা সৰুকৈ মন্দিৰ সাজি এখন হাউলি পাতিলে। এই হাউলিৰ ভিতৰতে মহাসমাৰোহেৰে ঘুনুচাৰ বিয়া পাতিলে। এই ঘুনুচাৰ মন্দিৰেই ঘুনুচা মণ্ডপ। শ্ৰীকৃষ্ণই শাহুৱেকৰ আক্ৰোশ এৰাব নোৱাৰি বছৰৰ ভিতৰত ঘুনুচা মণ্ডপত সাত দিন বাস কৰিবলৈ স্থিৰ কৰে। তেতিয়াৰ পৰা আজিলৈকে প্ৰভু জগন্নাথ বছৰৰ মূৰত এবাৰ ঘুনুচা মণ্ডপলৈ আহে। ঘুনুচা মণ্ডপলৈ যাওঁতে তিনিও জনা বিগ্ৰহ তিনিখন বেলেগ বেলেগ ৰথত তুলি নিয়া হয়। এয়ে হৈছে জগন্নাথৰ ৰথ- যাত্ৰা। আকৌ সাত দিনৰ পাছত উলটি ৰথত আহোঁতে উল্টা ৰথ- যাত্ৰা হয়।
দাৰু বৃক্ষৰ অংশৰপৰা নানান মুৰ্ত্তিঃ জগন্নাথ মন্দিৰ আৰু বিগ্ৰহ নিৰ্ম্মাণ সমন্ধে শাস্ত্ৰত নানান কথা পোৱা যায়। তাৰে ভিতৰত কেবাখনো শাস্ত্ৰৰ সামঞ্জস্য ৰাখি কথাবোৰ উল্লেখ কৰা হৈছে। শাস্ত্ৰত আৰু পোৱা গৈছে যে ইন্দ্ৰদ্যুম্ন ৰজাই সাগৰৰ তীৰত পোৱা দাৰু বৃক্ষ সাত খণ্ড হৈ ভাৰতৰ বেলেগ বেলেগ প্ৰদেশত বিভিন্ন মূৰ্ত্তিৰূপে শ্ৰীষ্ণৰ অংশ বিৰাজ কৰিছে।