নোৱাৰিলে। ঘুনুচাৰ ভক্তিত তুষ্ট হৈ শ্ৰীকৃষ্ণই ভোগ গ্ৰহণ কৰিবলৈ ধৰিলে। আধামান ভোগ খাওঁতে ঘুনুচাই শ্ৰীকৃষ্ণৰ হাতত থাপ মাৰি ধৰি কবলৈ ধৰিলে “প্ৰভু তুমি কি কৰা; গোটেই নৈবেদ্য গ্ৰহণ নকৰিবা আমিও খাব লাগিব। আমাৰ কাৰণে অলপ এৰি যোৱা।” ঘুনুচাই হাতত ধৰা মাত্ৰকে শ্ৰীকৃষ্ণ অন্তৰ্দ্ধান। ঘুনুচাই প্ৰসাদৰ থাল হাতত লৈ ওলাই আহিল।
ইন্দ্ৰদ্যুম্ন ৰজাৰ কৃষ্ণ দৰ্শন—প্ৰসাদৰ থাল আনি ঘুনুচাই পিতাকৰ কাষত থলে। পিতাকে আধা থাল প্ৰসাদ দেখি আচৰিত হল। পিতাকক আচৰিত হোৱা দেখি ঘুনুচাই সকলো কথা ভাঙি পাতি কলে। পাছ দিনা ৰজাই ঘুনুচাক ভোগ নিবেদন কৰিবলৈ কৈ নিজে বেৰৰ সুৰুঙাৰে শ্ৰীকৃষ্ণৰ ভোগ গ্ৰহণৰ দৰ্শন পাবলৈ অভিলাষ কৰিলে। অন্তৰ্য্যামী ভগৱন্তই সকলো কথা জানিব পাৰি বহু পৰ ভোগ গ্ৰহণ কৰা নাছিল। পিছে ঘুনুচাৰ সৰল, অকপট ভক্তি আৰু চকুলো দেখি আগৰ দিনাৰ দৰে ভোগ গ্ৰহণ কৰিলে। ঘুনুচাই শ্ৰীকৃষ্ণক দেখিলে কিন্তু ৰজাই নেদেখিলে। ৰজাই কেৱল থালৰ আধা অন্ন নোহোৱাহে দেখিলে। ৰজাৰ অন্তৰ স্তম্ভিত হল। কৃষ্ণ দৰ্শনৰ বাবে ব্যাকুল হল। মন্দিৰ সোমাই কৃষ্ণক মিনতি কৰিবলৈ ধৰিলে। ৰজাৰ মনৰ ভাৱ বুজিব পাৰি কৃষ্ণই কলে “মহাৰাজ তুমি এনেকৈ মোৰ দৰ্শন নোপোৱ। যদি দৰ্শন পাব খোজা তেন্তে তোমাৰ ছোৱালী ঘুনুচাক সজাই পিন্ধাই কোলাত লোৱা আৰু মোক আৰাধনা কৰা। তেতিয়াহে মোৰ দৰ্শন পাবা।” ৰজাই