দৈনিক নিয়মিতৰূপে নিৰ্দ্ধাৰিত পৰিমাণৰ ভোগ, নৈবেদ্য, ফল, ফুল, মালা আদি নানান উপচাৰে ইন্দ্ৰদ্যুম্ন ৰজাই বিষ্ণুক উপসনা কৰি জীৱন আনন্দময় কৰি তুলিব ধৰিলে।
ঘুনুচাৰ কৃষ্ণ সেৱাঃ— ৰজাই সুস্থ অসুস্থ সকলো অৱস্থাতে সদায় বিষ্ণুদেৱক ভোগ নিবেদন কৰি সেৱা পূজা কৰে। তাৰ পাচত হে নিজে প্ৰসাদ লয়। এদিন ৰজাৰ শৰীৰ ইমান অসুস্থ আৰু কাতৰ হৈ পৰিল যে নিজে মন্দিৰলৈ আহি বিষ্ণুক আৰাধনা কৰিবলৈও অক্ষম হৈ পৰিল। উপায়ান্তৰ নাপাই নিজৰ নুমলীয়া দিপলীপা ছোৱালী ঘুনুচা আই দেউক শ্ৰীকৃষ্ণৰ সেৱা কৰিবলৈ পঠিয়ালে। কুমাৰী ঘুনুচাই পিতৃ আজ্ঞা মতে সকলো ভোগ নৈবেদ্য আদি মন্দিৰৰ ভিতৰলৈ নি শ্ৰীকৃষ্ণক নিবেদন কৰিলে। ভালেখিনি পৰ পূজা সেৱা ভকতি মিনতি কৰি ঘুনুচাই দেখে যে জগন্নাথৰ আগত দিয়া থালৰ ভোগ যেনে আৰু তেনে আছে। শ্ৰীকৃষ্ণই ভোগ গ্ৰহণ নকৰা দেখি ঘুনুচাই কান্দি কান্দি কবলৈ ধৰিলে। হে প্ৰভু, মই তোমাক সহস্ৰ বাৰ প্ৰণাম কৰোঁ। তুষ্ট হোৱা, প্ৰসাদ গ্ৰহণ কৰা। পিতাই নিবেদন কৰা ভোগ তুমি লোৱা, মই অবলা, অজলা ছোৱালী দেখি মোৰ নিবেদন কৰা ভোগ নোলোৱা। তুমি ভোগ গ্ৰহণ নকৰা কথা শুনিলে পিতাই মোক বকিব। মই তোমাক আকৌ সহস্ৰ বাৰ প্ৰণাম কৰিছোঁ, কাকুতি কৰিছোঁ মিনতি কৰিছোঁ ভোগ গ্ৰহণ কৰাঁ আৰু মোকো ৰক্ষা কৰাঁ। ঘুনুচাৰ সৰল সহজ কোমল ভয় দেখি শ্ৰীকৃষ্ণ স্থিৰ থাকিব