পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীক্ষেত্ৰ।


ৰত্ন বেদীৰ ওপৰত স্থাপন কৰি প্ৰতিষ্ঠা কৰিলে। এয়ে হৈছে পুৰুষোত্তম ক্ষেত্ৰত জগন্নাথ মূৰ্ত্তিৰ প্ৰতিষ্ঠা আৰু এই কাৰণেই পুৰুষোত্তম ক্ষেত্ৰৰ মন্দিৰৰ নাম জগন্নাথ মন্দিৰ। এই জগন্নাথ মন্দিৰৰ বিষ্ণু মূৰ্ত্তিয়েই দাৰুব্ৰহ্ম। ইয়াত স্বয়ং জগন্নাথদেৱ আবিৰ্ভাৱ হোৱাৰ কাৰণে এই স্থান পূৰিক্ষেত্ৰ, জগন্নাথ ক্ষেত্ৰ বা শ্ৰীক্ষেত্ৰ বুলি প্ৰখ্যাত।

 বিষ্ণু সেৱা—ৰজা ইন্দ্ৰদ্যুম্নৰ মনোবাঞ্চা পূৰ্ণ হল। ভগৱন্তৰ কৃপাত মন্দিৰো হল; বিষ্ণু-মূৰ্ত্তিয়ো প্ৰতিষ্ঠা হল। এতিয়া ৰজাই মনৰ হেপাহ পলুৱাই একান্ত মনে মন্দিৰৰ ভিতৰত বিষ্ণুক পূজা, অৰ্চ্চনা, আৰাধনা কৰি জীৱন সাৰ্থক কৰিবলৈ ধৰিলে। ৰজাৰ সেৱা পূজা, ভক্তি, মিনতি আৰু কাকুতিত প্ৰভু বিষ্ণুদেৱ সন্তুষ্ট হৈ ছদ্মবেশ ধৰি এদিন ৰজাক কবলৈ ধৰিলে “মহাৰাজ তোমাৰ মনোবাঞ্চা পূৰ্ণ হওক। মই এই মন্দিৰত পুৰুষোত্তম, ব্ৰহ্মা আৰু শিৱৰূপে বিজ কৰিলোঁ। মোৰ আগত তুমি যি ভোগ নৈবেদ্য আদি নিবেদন কৰিবা সকলো স্বয়ং লক্ষ্মীদেবীয়ে ৰন্ধা বুলি ভাবিব, আৰু মোৰ উচ্ছিষ্ট ভোগ মহাপ্ৰসাদ বুলি জানিবা। এই মহাপ্ৰসাদ অতি পৱিত্ৰ বস্তু। ইয়াক ভক্ষণ কৰোঁতে জাতি অজাতিৰ বিচাৰ নকৰিবা। ইয়াক ভক্ষণ কৰি জীৱ মুক্ত হব পাৰিব। আৰু মই তোমাক বৰ দিওঁ যে তুমি দহ হাজাৰ ন শ বছৰ ৰাজত্ব কৰি দেহান্তৰে নিৰ্গুণ ব্ৰহ্ম লাভ কৰিব পাৰিব।” স্বয়ং বিষ্ণুৰ বৰ পাই ৰজাৰ আনন্দৰ সীমা নোহোৱা হল।