সপ্তাহ সময় অন্ত নোহাৱা লৈকে আপুনি কিম্বা আন কোনো লোকে মন্দিৰৰ দুৱাৰ মেলিব নোৱাৰিব।” ৰজাই বিশ্বকৰ্মাৰ কথাত মান্তি হৈ মন্দিৰৰ দুৱাৰ বন্ধ কৰি চাৰিওফালে পালী পহৰীয়া ৰাখিলে। বিশ্বকৰ্ম্মাই মন্দিৰৰ ভিতৰত মহাসমাৰোহেৰে আৰু মহাশব্দেৰে মূৰ্ত্তি নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে। বিষ্ণু ভক্ত ৰজা বিষ্ণু দৰ্শনৰ অভিলাষত মগ্ন। প্ৰত্যেক দিনে হিচাব কৰে তিনি সপ্তাহ হল নে নাই। দিন নাযায় ৰাতি নুপুৱায়। তিনি সপ্তাহ কাল নো ৰজাই কটায় কেনেকৈ? বিষ্ণু দৰ্শনৰ চিন্তাত ৰজা ব্যাকুল। অৱশেষত ইমান ব্যাকুল হৈ পৰিল যে তিনি সপ্তাহ কাল পূৰ নৌহওঁতেই ৰজাই নিজে মন্দিৰৰ দুৱাৰ মেলি সোমাল। ভিতৰলৈ গৈ দেখিলে, বিশ্বকৰ্ম্মা অন্তৰ্দ্ধান, সকলো মূৰ্ত্তি অসম্পূৰ্ণ। কৰ্ম্মফল কেতিয়াও খণ্ডন নাযায়। ইয়াকে ভাবি ৰজাই আধা সজা মূৰ্ত্তিকে মন্দিৰৰ ভিতৰত স্থাপনা কৰি আৰাধনা কৰিবলৈ সঙ্কল্প কৰিলে। সঙ্কল্প কৰিলে সঁচা। কিন্তু এতিয়া কথা হল; এই আধা সজা মূৰ্ত্তি মন্দিৰৰ ভিতৰত কেনেকৈ স্থাপনা কৰি প্ৰতিষ্ঠা কৰে। ৰজাৰ চিন্তাত তত নোহোৱা হল। এইদৰে ভাবি চিন্তি থাকোঁতে এদিন নিশা নাৰদে স্বপ্নত দেখা দি কলে “মহাৰাজ চিন্তাৰ কাৰণ নাই। এই মূৰ্ত্তি স্বয়ং বিষ্ণু মূৰ্ত্তি। মূৰ্ত্তি পূৰ্ণই হওক বা অপূৰ্ণই হওক; ইয়াত বিষ্ণু স্বয়ং বিৰাজ কৰি আছে। ইয়াক যেয়ে সেয়ে প্ৰতিষ্ঠাও কৰিব নোৱাৰে। স্বয়ং ব্ৰহ্মা ভিন্ন এই কাম আনে কৰিব নোৱাৰে। ব্ৰহ্মা সন্তুষ্ট হলে নিজে আহি প্ৰতিষ্ঠা কৰিব হি।”
পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/১১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫
শ্ৰীক্ষেত্ৰ।