PLEASE HANDLE THE BOOK CAREFULLL বেণুধৰ। মুৰুলীধৰ, সেই বেণুধৰৰ গাত-পাক দি দি নাচোন ধৰেগৈ। সেই আপাহতে বৃন্দাবনবাসীয়ে শ্ৰীকৃষ্ণক কেতিয়াবা মুৰুলীধৰ আৰু কেতিয়াবা বেণুধৰ বুলিও সম্বোধন কৰিছিল। অকল বাদ্যতে নহয়, গীততো কৃষ্ণৰ বিশেষ ৰাপ আছিল। বাহী বজাবলৈ যেনেকৈ কাৰোপৰা শিকা নাই, গীত গাবলৈকো তেনেকৈয়ে কৃষ্ণই কাৰো মুখে শিকা নাই। তেওঁ নিজে ৰচি নিজে গাৎ, আৰু আনকো গাবলৈ শিকায়। কৃষ্ণৰ তাল-মান-সুৰ কৃষ্ণৰেই; তাত কাৰো অকণ ছা নাই। কৃষ্ণৰ ৰাগ ৰাগিণী, কৃষ্ণৰেই; তাত কাৰৰ অকণ ঠ'চ নাই। কৃষ্ণৰ কি যে মধুৰ কণ্ঠ, কি যে সুললিত-মুৰ!-কলিয়া কুলিৰ জন্মই আগ নে, কলিয়া কৃষ্ণৰ জন্মই আগ ঠাৱৰাবলৈকে টান! কুলিৰ লগত কৃষ্ণক ৰিজাম নে, কৃষ্ণৰ লগত কুলিক ৰিজাম! বাস্তৱতে, শ্ৰীকৃষ্ণৰ গীতবাদ্যত গোটেই ব্ৰজবাসী তন্ময়, সদৌ বৃন্দাবন প্ৰতিধ্বনিত। এনে গাওঁতা, এনে বজাওঁতা পৃথিবীত দ্বিতীয় আছিল কৃষ্ণব সঙ্গীত-প্ৰতিভাত প্ৰকৃততে অতি প্ৰাকৃতিক লক্ষিত হয়। সেই হে ব্ৰজৰ গোপ-গোপিণী আৰু সদৌ বৃন্দাবনবাসীয়ে শ্ৰীকৃষ্ণ অৗেকিকতা আৰোপ কৰে, আৰু সেইটো সিবিলাকৰ পক্ষে নিই স্বাভাবিক। সেই আপাহতে শ্ৰীকৃষ্ণক গীতিকণ্ঠও বোলা যায়। যেন মনে নধৰে।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৯০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই