পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰিত্যক্ত বনৰাজ্যখন তিনি ফালৰপৰা সাৱটি ধৰি তিনিকুৰা ভয়ঙ্কৰ দাবাগ্নিয়ে অংলেহী জিভ মেলি গোপ-গোপিনী আৰু গৰখীয়া সেনা- বৰ্গক ৰাম-কৃষ্ণে সৈতে এাহ কৰিবলৈ লকাই গা পালেহি। অগ্নিৰ গুমগুমনিত চাটকৰে সকলোটি সাৰ পাই উঠিল। নন্দৰাজ প্ৰমুখে সমবেত ব্ৰজবাসী ভয়ত বিবুদ্ধি হল! কোনো ফালে গত্যন্তৰ নেদেখি আতুৰ গোপ-গোপিনী আৰু গৰখীয়াবৃন্দে আৰ্ত্তৰৱ কঢ়ি পাখিভগা শালিকীৰ দৰে চটফটাবলৈ ধৰিলে। এনে আসন্ন আপদত হিৰ বুদ্ধিৰ শ্ৰীকৃষ্ণই বয়সীয়া গোপবৰ্গ আৰু অবলা গোপিনীসকলক কালিন্দীৰ তীৰৰপৰা পানীজুৱলিলৈ নমাই থৈ, অগ্ৰ ৰাম আৰু সংসপ্তক সৈনিকদলৰে সৈতে বনাগ্নিৰ বাহিৰ লুটিলৈ গৈ তাক নুমাবৰ যত্ন-কৌশলত ধৰিলেগৈ। এনেতে, অকস্মাৎ যমুনাৰ বুকৰপৰা বৈ অহা বায়ুৰ প্ৰৱল প্ৰতিকুল গতিত সেই বনাগ্নিয়ে ওলট-জভা মেলি সেত.. বলৈ ধৰিলে। ইফালে অগ্নিৰ তাপত দগ্ধপ্ৰয় সেই গোপ-গোপিনীব অভাবনীয় উদ্ধাৰৰ আনন্দত আনে-পাহৰা হৈ বিস্ময় মানি এই বুলি মুখে-মুখে কবলৈ ধৰিলে, “শ্ৰীকৃষ্ণই সিলুটিৰপৰা চোহা মাৰি সেই বনাগ্নি পান কৰি সিবিলাকৰ প্ৰাণ ৰক্ষা কৰিলে!” বাস্তৱতে, তেনে অৱস্থাত তেনে ধাৰণ নিচেই স্বাভাবিক। সম্ভৱত, সেই বনগ্ন কৰে পক্ষীয় বনমানুহবোৰে খৰ ওপৰত লগাই দিছিল শ্ৰীকৃষ্ণক সদলে পুৰি মাৰিবলৈ বুলি। ইয়াকে “বনাগ্নি-পান” বা “দাবাগ্নি-ভক্ষণ বোলা যায় (১:। গোপ-উপনিবেশতো শিশু কৃষ্ণৰ অসাধাৰণ কাৰ্য্য-কৌশলে সকলোকে চমক লগালে। ব্ৰঞ্জবাসীয়ে ইতিপূৰ্বৰেপৰা শ্ৰষ্ণত আলৌকিকতাৰ (১) (ক) শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ১৭শ অধ্যা, ১৫ শ লোক।