গোপাল কৃষ্ণ। দেৱতাৰ মন আকৰ্ষণ কৰে। এনে হেন বৃন্দাবনত প্ৰৱেশ কৰি ব্ৰজবাসীয়ে গোকুলৰ বিৰহ-সন্তাপ পাহৰিবলৈ ধৰিলে। সিবিলাকে গোকুলৰপৰা তুলি অনা টাম্বু-টঙ্গি ঘৰ-দুৱাৰ বৃন্দাবনৰ এড়োখৰ সুচল ঠাইত জোনবিৰীয়াকৈ (১) পাতিবলৈ যুগুত দিহাকৰণৰ অৰ্থে মুনিহ-তিৰোতা সকললাটি উলহেৰে লাগি গল। গছ-কটাই গছ কাটিলে, আঁতাতাই তালে, টঙ্গি সজাই টঙ্গি সাজিলে, টাম্বু তৰাই টাম্বু তৰিলে (২)। বৃন্দাবনত ব্ৰজবাসী গোপসকলে বিপুল অয়োজনেৰে সিবিকৰ নৱ উপনিবেশ দেৱতাবাঞ্ছিত সুখৰ বসতি থল কৰি তুলিলে : প্ৰকৃতিপ্ৰেমিক কৃষ্ণই (৩; সুযোগ্য অগ্ৰজ বলৰামৰ সুখসঙ্গত গোপ-লৰা-ছোৱালী আৰু গৰখীয়াবৃক গৰী লৈ মহানন্দে বৃন্দাবন বিহাৰ কৰিবলৈ ধৰিলে (১) বিষ্ণুপুৰাণ, ৫ম খণ্ড, ৬ পাচ্ছেন। (২) হবিংশ, বিষ্ণু, ৬৫ অ ধ.। (৩) দশম স্কন্ধ ভগংতা, ১২শ অধ; ৩৬শ শ্লোকমতে বৃন্দাবনলৈ পোনেই আহেঁতে কৃষ্ণণ বয়স ৫ পীচ বহুত সোমাইছিল মাথোন। কিন্তু, হবিবংশৰ বিষ্ণুপৰ্বৰ ৬৪ অধ, আৰু ৫ম খণ্ড বিষ্ণুপুৰাণৰ ৬ষ্ঠ আধামতে ব্ৰজবাসী গোপ সকল বৃন্দাবনলৈ উঠি আহোতে কৃষ্ণৰ বয়স ৭ বছৰ হৈছিল। “এতৎ কৌমাজিং কন্ম হ:বৰাত্মাহিমোক্ষং। মৃত্যে পৌগণ্ডকে চাস্য দৃষ্ট্ৰাচুৰ্বমিত ব্ৰজে।” শ্ৰীমদ্ভাগত, দশম স্কন্ধ, ১২শ আখা, ৩৬ণ শ্লোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৮২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই