পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভ আধ্যা। গোপাল কৃষ্ণ। প্ৰথম দে। কৃষ্ণ বিমানেই বুজন হৈ আহিল, সিমানেই গোকুলত তেওঁৰ অপায়-অমল আদি চৰি অহা যেন দেখা গল। নন-যশোদা, গোপ. গোপিনী আৰু সদৌ ব্ৰজবাসীৰে কৃষ্ণ-জীৱন বিষম শঙ্কাকুল দেখা হল। কৃষ্ণৰ বিপদৰ আশঙ্কাত সিবিলাক ভিতৰি অস্থিৰ হৈ পৰিল। এহাতে অপায়-অমঙ্গলৰ নানা ভয়ৰ কাৰণ, আনহাতে কৃষ্ণৰ চৰিত্ৰত বিবিধ অলোকিকতা সিবিলাকে ভালেমান দিনৰপৰা লক্ষ্য কৰি আহিছিল। ওপৰত উনুকিয়াই অহা সেই নানা অপায়-অমঙ্গল। ভিতৰত এই কেইটাই সিবিলাকক বিশেষকৈ ভয় খুৱাইছিল; যেনে, (ক) কৃষ্ণক পুতনাই-পোৱা; (খ) তৃণাৱৰ্ত্ত পখীয়ে কৃষ্ণক ঠাপ মাৰি আকাশলৈ উৰাই লৈ যোৱা; (গ) গাড়ীত ভৰা দি থোৱা মলা, চ, কলহ আদি বাগৰাই পেলাই কৃষ্ণ তাৰ তলত পোত, যোৱা দুৰ্ঘটনা। তাৰ উপৰিও, ওপৰত কৈ অহা কৃষ্ণৰ অতিপ্ৰাকৃতিক বা অলৌকিকতাৰ পটন্তৰে সিবিলাকক বিশেষকৈ বিচলিত কৰিবলৈ ধৰিলে। সেই কাৰণে, নন্দ-যশোদা আৰু বুঢ়া-মেথা দূৰদৰ্শী ব্ৰজবাসীয়ে মনে মনে