কেঁচুৱা কৃষ্ণ। শান্তিনিকেতন বুলিলে অকণো বঢ়াই কোৱা নহব। এনে অমৰবাঞ্ছিত শান্তিপুৰত গাখীৰ, মাখন, ঘিউ আদিৰ সুবাসেৰে আমোলমোল থানত, গৰু-গাই-গৰখীয়াৰ পৱিত্ৰ সঙ্গত, গোপ-গোপিনী আদি সৰল ব্ৰজবাসীৰ অযাচিত তত্ত্বাৱধানত আজন্ম প্ৰাণবৈৰী কংস ৰজাৰ নিয়োজিত চোৰাং- চোৱা আৰু প্ৰাণঘাতকীৰ কৰাল হাত এৰাই যশোদাৰ কেঁচুৱা দৈৱকীৰ অষ্টম গৰ্ত্তজাত পুত্ৰ দ্বিতীয়াৰ চন্দ্ৰৰ দৰে দিন-দিনে মনমোহাটি হৈ বাঢ়িবলৈ ধৰিলে। তথাপি, সেই অলৌকিক লক্ষণযুত ক্ষণজন্মা শিশুটিৰ প্ৰাণবিনাশক ভালেমান অদ্ভুত ঘটনা এটাৰ পাচত আনটোকৈ পাৰ হবলৈ ধৰে। তাৰ ভিতৰৰ গোটাদিয়েকৰ বিষয়ে মাথোন উনুকিয়াই থোৰা যায়। যেনে- (ক) পুতনা-ৰিষ্টএই সাংঘাতিক নৰিয়াত যশোদাৰ কেঁচুৱা যায়-যায় হৈছিল। অপুত্ৰক নন্দৰাজৰ জীৱনসন্ধ্যাত লাভ হোৱা পুত্ৰ সেই নৰিয়াত হেৰায়-হেৰায় যেন লাগিছিল। মথুৰাৰ উদ্ধাৰৰ অৰ্থে জন্ম লোৱা দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তানৰ অন্ত পৰে-পৰে যেন আশঙ্কা কৰা গৈছিল। সেই বাবে গোটেই গোকুল আপদত তল যোৱা যেন হৈছিল। আৰু সেই আপাহতে ব্ৰজবাসীয়ে বিলাপত আৰভাৱে সেই ৰিক পিশাচী যেনকৈ বৰ্ণাইছিল। (১) (১) শ্ৰীমদ্ভাগৱত পুৰাণাদিৰ মতে, পুতনা এজনী কংস বজাৰ নিয়োজিত ভয়ষ্ণবী শিশুহস্তকী ডাইনী আছিল। তাইৰ স্তনত বিহ অছিল। তাই নানা ছদ্মবেশ ধৰি গৈ, টোপনি যোৰ কেঁচুক কোলাত তুলি লৈ বিহস্তন পান কাই থৈ যায়। তাৰ পাচত, কেঁচু। সাংঘাতিক নৰিয়াত পৰি বিনষ্ট হয়। এদিন পুতনাই ৰাতি গৈ যশোদাৰ টোপনিত তেওঁৰ বুকাপ কেঁচুটি আঁতৰাই আনি কোলাত তুলি লৈ মুখত তাইৰ বিহস্তন দিছে, এনেতে কেঁচুৱাই দুই হাতেৰে তাইৰ স্তন খামচি ধৰি মুখেৰে এনেকৈ টানি চুহিবলৈ ধৰিলে যে, তাইৰ সৰ্বশৰীৰৰ সাৰশক্তি বাজ হৈ শুকাই অন্ত পবিল। গতিকে, মণি-যন্ত্ৰণাত আবাৰ কাঢ়ি তাই লুটিখাই মাটিত
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৫৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই