২৫ ওপজা-কৃষ্ণ। দৈৱকী দেবীৰ অশেষ কাকুতি-মিনতিয়েও কংসৰ নিদাৰুণ হিয়া পাব নোৱাৰিলে। (১) (১) (ক) শ্ৰীমদ্ভাগতে মহাপুৰাণ মতে, কৃষ্ণজন্মব ঠিক পূৰ্বক্ষণত স্বভাব সকলো শুভলক্ষণ সম্মিলিত হৈছিল।—ঘনঘটাচ্ছন্ন আকাশে নিল-নিবাপদ ৰূপ ধাৰণ কৰিলে; ডাব-ওৰণী উদঙ্গাই তবাবিলাকে মেঘৰ মৃদুমন্দাগুবগুণিত বু, দি সুশীতল পোৰ দিবলৈ ধৰিলে; নৈ, বিল, সবোবৰে নিজনি নীৰেৰে নিৰ্ম্মল ৰূপ ধাৰণ কবিলে, ফুলনি-বননিয়ে ফুলে-ফলে-পাতে নঘনশ্যাম ববণ ধৰিলে; পখীয়ে ডালত পৰি সুললিত সুবেবে মঙ্গল-উকলি দিলে; গন্ধৰ্ব-কিন্নৰে উলাহ- সঙ্গীতেৰে আকাশ-পৃথিবী আনন্দময় কৰিলে; যোগী-ঋষিসকলে হৃদয়গ্ৰাহী মন্ত্ৰ- উচ্চাৰণেৰে জগত মঙ্গলময় কৰিলে; বিদ্যাধবী-অপেচৰীগণে অপোন-পাহবা হৈ নাচোন ধৰিলে; অন্তৰীক্ষপণ অচিম্বিতে পুষ্পবৃষ্টি ববষিবলৈ ধৰিলে। মাজনিশা এনে মাহেন্দ্ৰক্ষণত পৰমানন্দ নায়ণে শ্ৰীকৃষ্ণৰূপে পৃথিবীত জন্মগ্ৰহণ কৰে। ভূমিষ্ঠ হোৱা মাত্ৰকে পিতা বসুদেবে সেই ওপজা-কৃষ্ণক নব ঘবত পলুৱাই থৈ আহিলগৈ। কৃষ্ণক বুকত সাবটি লৈ বসুদে বন্দীশালৰপৰা ওলাই আহোতে তাৰ ভিতৰ-দুৱাৰ আৰু দুৰ্গৰ বাহিৰ-দুৱাৰ আপোনা-আপুনি মুকলি হল, মোহনিদ্ৰাত পৰি দুৱবী, প্ৰহ, চো চো আদি সংজ্ঞশুন্য হৈ পবিল। দুৰ্গৰ বাজ হৈ যাওঁতে নাগবাজ বাকীয়ে কৃষ্ণবাহক বসুদেব পিচে পিচে ফণা মেলি ছত্ৰ-ছায়া দি গৈছিল। শ্ৰীমদ্ভাগত, দশম স্কন্ধ, তৃতীয় অধ্যা, ১৮; ৩৯-৪২ শ্লোক। (খ) বিষ্ণুপুৰাণব বৰ্ণনায়ো একেসুৰেৰে ভগতক সমৰ্থন কবে। যেনে, ভূমিষ্ঠ হোত মাত্ৰে জীষ্মই নহোল্লাহ লাভ কৰিলে; ধুমুহা বতাহ মুদ্ৰ সমীৰণত পৰিণত হল; নদ-নদীয়ে অপোন পাহৰি কুহু কুহু কুলু গীত গাই পৰম উলাহেৰে ববলৈ ধৰিলে। থৌকিবাথৌকি লগাই সাগ-সমুদ্ৰে হৃদয়গ্ৰাহী গীতবাদ্য আৰম্ভ কৰিলে। গন্ধৰ্বৰ গীতবাদ্যৰ তালে-তালে অপেচৰীগণে নাচোন ধৰিলে; দেবতা-কিন্নবে অন্তৰীৰপৰা পুষ্পবৃষ্টি ববৰিবলৈ ধৰিলে।”—বিষ্ণুপুৰাণ, পঞ্চম খণ্ড, তৃতীয় অধ্যা, ৩- ক্লেক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৫২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই