পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ মূৰ্ছা যায়। সেই ছেগতে বসুদেৱে নিজৰ ওপজা-পুত্ৰটি যশোদাৰ বুকত থৈ, সলনিত নন্দ-যশোদাৰ ওপজা-কাটি লৈ, বেগাবেগিকৈ উলটি আহি, তেওঁৰ প্ৰসূতী পত্নী দৈৱকীদেবীৰ বুকত দিলেহি। ই ১৯২৯ খ্ৰীষ্টাব্দৰপৰা ৩৪২৯ বছৰৰ আগৰ ঘটনা।(১) পিচদিনা পুৱা কংস ৰজাই যেতিয়াই দৈৱকীয়ে সন্তান প্ৰসৱ কৰাৰ বাতৰি পালে, তেতিয়াই তেওঁ উত্ৰাৱল হৈ বন্দীশাল পালেগৈ, আৰু ততালিকে তেওঁ সেই ওপজা-কন্যাটিক, পা দুটি একেহাতে জপটিয়াই ধৰি লৈ, দেৱালত মূৰ আছাৰি বধ কৰিলে। বসুদেৱ আৰু প্ৰদূতী (১) পাশ্চাত্য পণ্ডিত কোলক্ৰ (Colebrooke), উইলচন (Wilson) আৰু এলফিষ্টোন্ (Elphinstone) চাহবিসকলৰ মতে, চতুৰ্দশ খ্ৰীষ্টপূৰ্বাব্দত কুৰুক্ষেত্ৰ যুদ্ধ হয়, যি মহাযুদ্ধত শ্ৰীকৃষ্ণ সৰ্বপ্ৰধান নায়ক আছিল। পণ্ডিত উইল- ফোৰ্ড (Wilford) চাহাবৰ অনুমানত কুৰুক্ষেত্ৰ যুদ্ধ ১৩৭০ খ্ৰীষ্টপূৰ্বাব্দলৈ অলপমান নামে। পণ্ডিত প্ৰাট (Pratt) চাহাবে আকৌ তাতোকৈ নমাই আনি দ্বাদশ খ্ৰীষ্টপূৰ্বাব্দত কুৰুক্ষেত্ৰ যুদ্ধ। কাল নিৰ্ণয় কৰিছে। ইয়াৰপৰা এই সিদ্ধান্ত কৰা যায় যে, শ্ৰীকৃষ্ণৰ জীৱনকাল সম্বন্ধে প্ৰাচ্য আৰু পাশ্চাত্য মতভেদৰ মাজত বিশেষ ব্যঃধান নাই; উল্লিখিত প্ৰথম তিনিজনৰ মত ভাৰতীয় শাস্ত্ৰকাৰব লগত প্ৰায় মিলিছেই, দ্বিতীয় জনৰ মতভেদ মাথোন বছৰদিয়েকৰ ব্যৱধানত ৰয়, আৰু তৃতীয় জনব গণনা ডেব শতাব্দীৰ তাতৰ হৈ নামে। সি যি হওক, ইউৰোপীয় পণ্ডিতৰ মতেও যে শ্ৰীকৃষ্ণৰ আবিৰ্ভাব যীমুখ্ৰীষ্টতকৈ অন্ততঃ গড়মিলকৈ হাজাৰ-বাৰশ বছৰৰ আগেয়ে হৈছিল, তাত সন্দেহ নাই। এই ছেগতে আৰু এটা কথা কোৱা যায় যে, যিবিলাক ইউৰোপীয় পণ্ডিতে ইমানতো শ্ৰীকৃষ্ণক কল্পিত পুৰুষ বুলি কব খোজে, সিবিলাকলৈ আমাৰ প্ৰশ্ন এই যে, যদি কুৰুক্ষেত্ৰযুদ্ধ প্ৰকৃত ঘটনা বুলি সিবিলাকে মানে, তেন্তে সেই মহাযুদ্ধৰ সৰ্বশ্ৰেষ্ঠ নায়ক শ্ৰীকৃষ্ণক প্ৰকৃত পুৰব বুলি নামানিবলৈ সিবিলাকৰ যুক্তি কি?