এই ভাৱেই ভালেমান দিন পাৰ হল ; পাচলৈ আৰু প্ৰজা ঠাৱৰিব
নােৱাৰাত পৰিলগৈ। গতিকে, ভিন্-ভিন্ ফৈদৰ যাদৱ কোৱঁৰ
সকলে মথুৰাবাসী প্রজাবৰ্গৰে সৈতে গুপুতে পৰামৰ্শ কৰি, কি উপায়েৰে
নােমহা অত্যাচাৰী কংস ৰজাক বধি ৰাজ্যৰ মঙ্গল সাধন কৰা যায় তাকে
চিন্তিবলৈ ধৰিলে। সেই উদ্দেশে, মথুৰাবাসী দৈৱকীৰ অষ্টম গৰ্ভজাত
সন্তানৰ প্রতীক্ষাত ৰল, আৰু যি উপায়েৰে সেই সন্তান ৰক্ষা কৰিব
পৰা যাব তাৰ দিহাকৰণলৈ সকলাে গুপুতে সাজু হল। আৰু, সেই অর্থে
সিবিলাকে মথুৰাৰ আশে-পাশে বসতি কৰা নাগ, গােপ প্রমুখে
আদি-অধিবাসীবিলাকৰে সৈতে গােপনে আলােচনা আৰু ষড়যন্ত্র
কৰিবলৈ ধৰিলে (১)। শেহান্তৰত সকলােৱে একেমত হৈ এই স্থিৰ
কৰিলে যে, যি কোনাে উপায়েৰে হওক, দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তান
ৰক্ষা কৰিবই লাগিব। কিন্তু, সেই ভাবী সন্তানৰ গৰ্ভধান আৰু প্ৰসৱ
নুই কৰিবৰ তাে উপায় নাই, তাতে দৈৱকী আৰু বসুদেৱ দুৰ্গৰ মাজৰ
বন্দীশালত! গতিকে, সদৌশেহত এই সিদ্ধান্তত উপস্থিত হােৱা-গল
যে, দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তানৰ সলনিত আন কাৰােবাৰ এটি
ওপজা-সন্তান গুপুতে নি যথাঠাইত থৈ কংসক ভুৱা দিব লাগিব।
কিন্তু, হায়, তাৰ অৰ্থে আগ বাঢ়ে কোন্ ?—কোনে নাে স্ব-ইচ্ছাৰে
আত্ম সন্তানক কংসৰ কৰাল হাতত সঁপি দিয়ে এতিয়া! মথুৰাৰ
ইমূৰৰপৰা সিমূৰলৈ সদৌ মথুৰাবাসীৰ মাজত গােপন টুকৰিয়াই
চোৱা হল, কিন্তু সেই অর্থে কেৱে উদাৰ চিতেৰে আগ বাঢ়িব
নােৱাৰিলে। বৃন্দাবনৰ নাগ ৰাজ্যত গােপনে সন্ধান লােৱা গল,
কিন্তু সেই অসাধাৰণ ত্যাগৰ অৰ্থে কাকো সাজু পােৱা নগল।
গতিকে, মথুৰাবাসীৰ হা-হুমুনিয়াহৰ অন্ত নপৰিল। কিন্তু, সদৌশেহত
(১)বায়ুপুৰাণ, ৩৪শ আধ্যা, ১০০-২০০ শ্লোক।