শ্ৰীকৃষ্ণ। ১০ দৈৱকীৰ নাম বিশেষকৈ লবলগীয়া। কিয়নো, এই দৈৱকী দেবীয়েই শ্ৰীকৃষ্ণৰ জনম-দিয়া আই, আৰু এই কংসই শ্ৰীকৃষ্ণৰ জনম ব্যৰ্থ কৰিবলৈ পণ কৰোতা তেওঁৰ প্ৰাণবৈৰী মোমাৰেক। সেই সময়ত আন এটা ঠালৰ প্ৰতাপী যাদৱ কোৱৰ আছিল বৃষ্টি বংশধৰবৰ্গ। এই ফৈদৰ ভালেমান কোৱৰে মথুৰা-ৰাজৰ বিবিধ ৰাজকীয় বিষয়-বাব ভোগ কৰে। শেহন্তৰত, ভোজবংশী ৰজা উগ্ৰসেন আমোত, সুবলেন নামে বৃষ্ণিবংশী এজন কোৱৰ বৰ প্ৰতাপী আৰু প্ৰখ্যাত হৈ উঠে। তেওঁৰ দহ জন পুত্ৰ আৰু পাঁচ গৰাকী জীয়াৰী আছিল। সেই দহ জন পুত্ৰৰ ভিতৰত সবাতকৈ সৰ জনৰ নাম বসুদেৱ। এই বসুদেৱেই শ্ৰীকৃষ্ণৰ জন্মদাতা পিতৃ। বসুদেৱৰ দহ গৰাকী ভাৰ্য্যা আছিল; সিবিলাকৰ ভিতৰত ৰোহিণী দেবী সবাতকৈ বৰ, আৰু দৈৱকী দেবী সবাতকৈ সৰু। এই ৰোহিণী-দৈৱকীয়েই ৰাম-কৃষ্ণৰ জন্মদাতৃ মাতৃ। ইবিলাক দুগৰাকীয়েই ৰাম আৰু কৃষ্ণ নামে মানৱশ্ৰেষ্ঠ অসাধাৰণ যাদৱ কোৱৰয়ক নিজ নিজ গৰ্ভত ঠাই দি, মথুৰাবাসীক সেই কালৰ মহা আপদৰপৰা নিস্তাৰ কৰে। কংস সৰুৰেপৰা অতি নিঠুৰ, অহঙ্কাৰী আৰু উবত স্বভাৱৰ লৰা আছিল; বয়সৰ লগে লগে তেওঁৰ সেই কু-স্বভাৱ চৰি আহিবলৈ ধৰিলে। তাতে, সেই কালৰ মহা পৰাক্ৰমী মগধৰ অধিপতি জৰাসন্ধ জোই (১) হবলৈ পাই কংসই মথুৰাত কাকো গণিতা নকৰা হল। বুঢ়া-ৰজা পিতা উগ্ৰসেন নামত মাথোন বহিৰজা; আচল উঠিৰজা আছিল কংস। সি যি হওক, কংসৰ কিন্তু ভনীয়েক দৈৱকীলৈ বৰ ১) মগধ এতিয়াৰ দক্ষিণবিহাৰ। অৰসৰু মগৰৰ জৰিতীয় প্ৰতাপী ৰজা। শাৰীৰিক শক্তিতে তেওঁ ভীমৰ সমনীয়া বৰ আহিল। কংসই বাসন্ধ ৰাৰ দুগৰাকী জীয়াৰী বিয়া কৰাইছিল।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৪১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই