পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃষ্ণ। ঘৰ-বাৰী নাই যদিও, সেই কালত গোপবৰ্গৰ প্ৰতিপত্তি আৰু জনবল সামান্য নাছিল। সিবিলাক আত্মবলেৰে বণী এটা প্ৰখ্যাত জাতি আছিল। সিবিলাকে কাৰ চত নোহোৱাকৈ আপোন প্ৰতিপত্তিৰ ওপৰত ভিৰ দি চলি আপোনাৰ মাজত আপুনি এখনি সৰু অথচ মনোৰম ৰাজ্য বিতোপনকৈ চাইছিল। কিন্তু, সিবিলাক অতি শান্তিপ্ৰিয় মানুহ আছিল, আৰু সিবিলাকে কাচিতে উপ্যাচি আনৰ অপকাৰ নকৰিছিল। আমি যি কাণৰ কথা কৈছো, সেই কাণত গোপবৰ্গ মথুৰাৰ যাদৱৰাজৰ কৰণীয়া আছিল; আৰু তেতিয়া গোপৰাজ নৰ ব্ৰজৰ অধিপতি আৰু তেওঁৰ পত্নী যশোদা ব্ৰজেশ্বৰী। পিতৃ-মাতৃৰূপে নন্দ- যশোদা পৃথিবীৰ আদৰ্শ দম্পতী। পৰপুত্ৰকো অপোন কৰিব পৰা গুণত নন্দ-যশেদা মৰ্ত্যজগতৰ অনুপম চানেকী। হকিক দুয়ো অতি অমায়িক। দেশৰ হৈ যাৰ্থ ত্যাগ কৰাত ইবিলাক আহি-চৰিত। এনে ত্যাগী নৰ-নাৰী জগতত বিৰল। নন্দ-ণেদিৰ অপত-প্ৰেত স্বয়ং ভগবানো বিভোল। কোনো-কোনোৱে নন্দবাজক বসুদেৱৰ দদায়েকৰ পুতেক বুলি কয়। বসুদেব দদায়েকৰ ঔ।সত এগৰাকী বৈশ্য বমণীৰ গৰ্ত্তত নলব জন্ম বুলি কোনোৱে ঠাৱৰায়। কোনো-কোনো পুৰাণত এই গোপবৰ্গক বৈশ্য শ্ৰেণীৰ অৰ্যজাতি বুলি ঠিবাংকৈ ধৰা হৈছে। কিন্তু দৰাচলতে, ইবিলাক এবিধ আৰ্যাবৰ্ত্তৰ উন্নত শ্ৰেণীৰ আদি-অধিবাসী। কামত আৰ্যৰ সংসৰ্গত পৰি, আৰু অৰ্য্যধৰ্ম গ্ৰহণ কৰি, গোপবৰ্গ আৰ্যৰ সমানে সভ্য, জ্ঞানী আৰু মানী হৈ ঠিছিল। সেই আপাহতে কোনো-কোন পুৰাণে গোপসকলক কায়স্থ বুলি নিৰ্ণয় কৰিছে,-“নন্দ ঘোষ” তাৰ এটা জ্বলন্ত প্ৰমাণ।