পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গোকুল,—ব্ৰজ। উদাৰ ভাব, নিৰ্থ প্ৰেম আৰু নিস্পৃহ ভকতি অতি মনোৰম, অতি বিতোপন, আৰু অতি অনুপম; পৰোপকাৰ সিবিলাকৰ মহাব্ৰত, পশুপালন সিবিলাকৰ মহান কৰ্ত্ত, প্ৰকৃতিপূজা সিবিলাকৰ মহাধৰ্ম; গৃহস্থালীত সিবিলাক সুনিপুণা, আৰাধনাত সিবিলাক ৰাধিকা, আনন্দত সিবিলাক আপোন-পাহ;-মুঠকৈ, আনন্দময়ী প্ৰকৃতি সিবিলাকত সম্পূৰ্ণ বিকসিত। গোকুলৰ গোপ আৰু ব্ৰজৰ গোপিনী পৃথিবীত নৰ-নাৰীৰ অতি নিৰ্মল আদৰ্শ আছিল। এই গোপ-গগাপিনী লৈয়ে গগাকুল আৰু ব্ৰজ। গোকুলৰ গোপ. আৰু ব্ৰজৰ গোপিনীৰ মাধুৰ্য্য পচত যথাঠাইত যথাৰতকৈ বহলাই বৰ্ণোৱা হৈছে। চতুৰ্থ ছেদ। ব্ৰজ। ব্ৰজ গোকুৰ সৈতে একেকঠি এটা সুন্দৰ চাপৰি। একেবিধ মানুহেই ব্ৰজ আৰু গোকুল দুয়ে চাপৰিতে বাস কৰিছিল। আটাই- বিককে ব্ৰজবাসী বোনা যায়। ব্ৰজ চাপৰিত সিবিলাকে টঙ্গি আৰু টাম্বুঘৰ (১) সাজি লৈ নিজৰ নৰা-ছোৱালী আৰু গৰু ছাগলী আদিৰে সৈতে বাস কৰিছিল। কিন্তু, সিবিলাক একে ঠাইতে থিতাপিত হৈ থকা বিধৰ মানুহ নহয়; -য’তে গৰু-ছাগলী আদি পহু-পালনৰ সুচল পোৱা যায়, ত’নৈকে সিবিলাক উঠি যায়। সেই আপাহতে হে এই ব্ৰজবাসী গোপ (২) বিলাকক ওপৰত অঘৰী বোলা হৈছে। চিৰস্থায়ী (১) কাপোৰেৰে কেইবাতৰপীয়াকৈ তা এবিধ মাটি-টঙ্গি। (২) কোনোকানো পুৰাণত গোপবৰ্গক অৰ্যজাতি বুলিয়েই ঠাৱৰাইছে।