শ্রীকৃষ্ণ। ইলা কন্যা (১)। সুহৰপৰা সূৰ্য্যবংশ আৰু ইলাৰপৰা চন্দ্রবংশৰ উৎপত্তি। ইলা চন্দ্ৰকুমাৰ বুধৰে সৈতে বিবাহিতা (২)। ইল- চন্দ্ৰকুমাৰৰ পুত্ৰ পুৰুৰবা ; উৰ্বশী পুৰুৰবাৰ পত্নী। উৰ্বশী-পুৰুৰবাৰ পুত্র আয়ু; আয়ুৰ পুত্ৰ নহুষ; নহুষৰ পুত্ৰ যযাতি। যযাতিৰ দুই ভাৰ্য্যা,দেৱযানী আৰু শর্মিষ্ঠা। দেৱানীৰ গৰ্বজাত যদু আৰু তৰ্ব্বসু; শশ্নিষ্ঠাৰ গৰ্ত্তজাত জুহু, অনু আৰু পুৰু;যযাতিৰ এই পাঁচ পুত্র। যদুৰপৰা যাদৱ আৰু পুৰুৰপৰা কুৰু-পাণ্ডৱৰ বংশ বাঢ়ি যায়। যদুৰ চাৰি পুত্ৰ-মাধৱ (মধু), সত্ত্বত, বৃষ্ণি আৰু অন্ধক। মাধৱ কাণত মধু নামে খ্যাত হয়। মধুৰ পুত্ৰ লৱণ। সত্ত্বতৰ পুত্র ভীম। বৃষ্ণিৰ বংশধৰ চিত্ৰৰথ। চিত্ৰৰথৰ দুই পুত্র, পৃথু আৰু বিহুৰথ। জ্যৰ পুত্র ভােজ (১ম,); ভােজৰ বংশধৰ সুৰসেন। সুৰসেনৰ পুত্র আহুক। আহুকৰ দুই পুত্র—উগ্রসেন আৰু দেৱক। (১), শ্রীমদ্ভাগৱত প্ৰমুখ্যে কোনো-কোনাে পুৰাণৰ মতে ইলা আৰু সুদু দুই নহয়, এক ; ইলাতে পুত্র-কন্যা উভয়ৰ উত্তর। (২) মহাভাৰত বিষ্ণুপুৰাণ আৰু শ্ৰন্তু গৱতত মধুৰ ৰাজপৰিয়াল যাদৱসকলক চন্দ্রবংশী বুলি ঠাৱৰােৱা হৈছে। কিন্তু, অগপ বিসতি এই ৫ে, তাত ইলাক বুধবপৰা উত্তৱ ৰােল হৈছে যেনে, চন্দ্ৰৰপৰা বুধ; বুখৰ পৰা ইল; ইলাৰপৰা পুৰুৰবা। পিচে, “হৰিবং প্রমুখ্যে অনান প্রাচীন গ্রন্থাৱলীৰ মতে ইলা বৈবস্বত মনুৰ হে জীয়াৰী; বুধৰ কন্যা নহয়, বুধৰে সৈতে বিবাহিত হে। চন্দ্ৰপৰা বুধৰ উৎপত্তি নিলেন কৰা হৈছে হেতুকে, ইলাৰ গাত বুখৰ পুত্র পুৰবাক চন্দ্রবংশী বুলি ধৰি, তেওঁৰ বংশধৰ যাদৱবৰ্গক চন্দ্রবংশী বুলি ঠাৱৰৰয় গৈছে।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই