১৭৪ মাৰি ৰোৱাটে অসম্ভৱ হল। গতিকে, গোপসকত বাজে, নাগ প্ৰভৃতি বৃন্দাবনৰ গভীৰ ভাগৰ আদিবাসী জাতিবিলাককে গোপনে বাতৰি দি অনাই সিহঁতৰ ৰছা বছা তেজী ৰণুৱা মানুহৰণসঁজুলীৰে সৈতে সাজু কৰি ললে। সেই কাৰ্যত বিশেষ দীঘলীয়া আয়োজনৰ আৱশ্যক নহল, গতিকে গোপৰাজৰ উদ্দেশ্য সিদ্ধি হবলৈকো সৰহ পৰ নালাগিল। কিয়নো, বাহিৰে নিৰ্জ্জুভাৱে নিটাল মাৰি আছিল যদিও, ভিতৰি মথুৰাবাসী আৰু ব্ৰজ-বৃন্দাবন আদিৰ কৰতলীয়া ৰাজ্যৰ সদৌ প্ৰজাবৰ্গ কংস ৰজাৰ অত্যাচাৰত অস্থিৰ হৈ মনে মনে তেওঁৰ বধৰ কামনাত মগ্ন আছিল; ছেগ পালেই চাৰিওফালৰপৰা উৎপীড়িত প্ৰজাই স্বেচ্ছাচাৰী অধৰমী ৰজাক সন্মিলিত বলেৰে গৰাহ মাৰি ধৰিবলৈ তলে তলে সাজু হৈ আছিল। এতেকে, অকুৰসংবাদ নন্দৰাজৰ পক্ষে নতুন সংবাদ নহল, তেওঁ ভালেমান দিনৰ আগৰেপৰা মথুৰাবাসীৰ দুৰ্দশা আৰু সিবিলাকৰ ভিতৰুৱা ভাব-গতিৰ সম্ভেদ পাই আছিল। বছেৰেকীয়া কৰ-কাটল শোধাবৰ অৰ্থে মথুৰালৈ গলেই নন্দৰাজে যাদৱ কেঁৱৰসকলৰ লগত সততে সেই বিষয়ে ভিতৰ-বিশ্বাসত কথা-বাৰ্তা হয়। বিশেষকৈ, প্ৰতিবাৰেই তেওঁৰ পৰম মিত্ৰ বসুদেৱৰ লগত তেওঁ অন্তৰৰ ভাব সলনাসনি নকৰাকৈ নাহে। সেই প্ৰসঙ্গত সিবিলাকৰ ভিতৰত সাংসাৰিক নীতিগত্তমূলক বিষয়ৰ কথোপকথন হয়। আদিৰেপৰা, কৃষ্ণজন্মৰ আগৰেপৰা কংসবধৰ গুপ্ত আলোচনাত ব্ৰজেশ্বৰ নন্দৰাজ মথুৰাবাসী যাদৱ কোৱৰসকলৰ লগত যোগ আছিল। আৰু তেতিয়াৰেপৰা তেওঁ অতি গোপনে গোকুল, ব্ৰজ, বৃন্দাবনৰ আশে- পাশে বসতি কৰা অনাৰ্য জাতিবিলাকক এই বিষয়ে তলে তলে সঙ্কেত দিবলৈ ছেগ এৰি দিয়া নাছিল। গতিকে, অকুৰ-সংবাদ আহি পোৱামাকে সেই আদি-অধিবাসীবিলাকক ততালিকে সেই উদ্দেশ্যে সাজু কৰিবলৈ
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২০৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই