১৭২ কৰা প্ৰকৃতিৰ প্ৰমাদসূচক অতিগম্ভীৰৰূপ ধাৰণ কৰিলে, আৰু সুকোমলহৃদয় শ্ৰীকৃষ্ণৰ দুগালে দুধাৰি দুবৰিবনত নিয়ৰৰ পানী যেন চকুলো ববলৈ ধৰিলে। তাৰে পাচত, যেতিয়াই অকুৰে শশাকেধৰ কণ্ঠেৰে উচুপি উচুপি আচল মাতৃ আৰু পিতৃ দৈৱকী আৰু বসুদেৱৰ অকথনীয় লেলাতভুঞ্জনৰ বিষয়ে বৰ্ণনা কৰি, সেই দুৰ্ভগীয়া দম্পতীয়ে চিৰজীৱন বন্দীশালত কটাব লগীয়া হোৱা কথাত এই বুলি আক্ষেপ কৰিবলৈ ধৰিলে, “বোপাহঁত! তোমালোকৰ পিতৃ পুত্ৰবান হৈয়ো অপুত্ৰক; তেওঁ কংসৰ বন্দীশালত শোক-তাপত দগ্ধ হৈ দিন নিয়াইছে। তেওঁ বুঢ়া হৈ একেই জুৰুলা, তাতে কংসৰ পীড়নত জৰ্জৰিত! হে গোবিন্দ, তোমাৰ গৰ্ত্তধাৰিণী মাতৃ দৈৱকী দেবী দুৰ্গতিৰ কথা নো কি কম! তেওঁ কংসৰ অত্যাচাৰত পৰি সধবা হৈয়ো বিধব', পুত্ৰৱতী প্ৰসূতী হৈয়ো অপুত্ৰকা অভাগিনী! হে কৃষ্ণ, সেই তপস্বিনীয়ে কেৱল তোমাৰ মুখদৰ্শন প্ৰত্যাশাতে ইমান দিন অত নিৰ্যাতন সহিও জীৱন ধাৰণ কৰি আছে। হয়, যদি তোমাহেন পুত্ৰ প্ৰসৰ কৰিও দৈৱকীৰ জীৱন্তে এই দশা হব লাগিল, তেওঁৰ অনপত্যতাই মঙ্গল আছিল। শুনি শুনি অদ্ভুতবলী মহাতেজী শ্ৰীকৃষ্ণই জাপ মাৰি উঠি, ভোঁ-ভোকৰে ওলাই নন্দৰাজৰ উদ্দেশে বেগেৰে প্ৰস্থান কৰিলে; যাওঁতে তেওঁ ইমানকে মাথোন কৈ গল, “কংসকো মাৰিম, বংশকো তাৰিম, আমি ৰাম-কানায়ে (১)।” তাৰ পাচত, অকুৰৰ ওচৰত সাদৰে বিদায় লৈ বলৰাম ধীৰে ধীৰে ওলাই গল। অকুৰে শয্যাত পৰি আকাশ-পাতাল ভাবিবলৈ ধৰিলে! (১) (ক) শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ৩৯ আধ্যা। (খ) বিষ্ণুপুৰাণ, পঞ্চম খণ্ড, ১৮ হেদ।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২০১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই