পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬। আধ্যা। 0(*) অকুৰ-সংবাদ। ৰাতি ভোজনৰ পাচত, অকুৰে বিষ্ণুক চিন্তি শয্যাত পৰিছেগৈ, এনেতে ৰামকৃষ্ণ তেওঁৰ কাষলৈ গৈ, দুয়ো দুপাশে পাত বহি লৈ, খুড়াদেৱকক সভক্তি আদৰ-সম্ভাষণ জনালেগৈ। অকুৰে আনন্দবিহ্বল হৈ, দুইৰে মাজতে বহি, দুইৰ গাত দুখন হাত দি, সম্ভাষণৰ সভক্তি প্ৰতিদানেৰে মথুৰাৰ সংবাদ বৰ্ণাই কবলৈ ধৰিলে (১)। মথুৰা-কাহিনীৰ বৰ্ণনাত প্ৰথমতে স্বেচ্ছাচাৰী কংসৰজাৰ অসহনীয় অত্যাচাৰত সদৌ মথুৰাবাসীৰ বিলা-বিপত্তিৰ কথা ৰাম-কৃষ্ণৰ আগত জ্ঞাপন কৰা হল। শুনি শুনি দুইৰৰ কৰুণ হৃদয় সহবেদনাত অতিকৈ ব্যথিত হবলৈ ধৰিলে। তাৰ পাচত, যেতিয়া মথুৰাবাসী যাদৱসকল, বিশেষকৈ বৃষ্ণি ফৈদৰ যাদৱ কোৱৰসকলৰ ওপৰত নানা তৰহৰ অসহনীয় অত্যাচাৰ আৰু অপমানৰ বিষয়ে চমুকৈ বৰ্ণোৱা হল, তেতিয়া একাণপতীয়াকৈ শুনি থকা গম্ভীৰ প্ৰকৃতিৰ বৃষ্ণিৰাজকোৱৰ বলমে ধুমুহাৰ পূৰ্বক্ষণত ধাৰণ (১) হবিবংশ, বিষ্ণুপুৰাণ আৰু শ্ৰীমদ্ভাগতমতে এই ছেগতে, কৃষ্ণবধৰ অৰ্থে সঙ্কল্পিত কংসৰ ষড়যন্ত্ৰ বিষয়ে অকুৰে গোপনে ৰাম-কৃষ্ণক সংবাদ দিয়ে। প্ৰস্তাবিত ধনুৰ্যজ্ঞ যে লোকক দেখুৱা এটা কৃত্ৰিম উৎসৰ মথোন, সেই কথাও অকুৰে বাম- কৃষ্ণৰ আগত ভাঙ্গি-পাতি কবলৈ বাকী নৰ্থলে। সেই প্ৰসঙ্গতে সেই অনুযায়ী সাজু হবলৈকো তেওঁ বাম-কৃষ্ণক পৰামৰ্শ দিলে। আৰু, সেই কালব প্ৰৱল প্ৰতাপী মাধিপতি কংস ৰজাৰ গৰাহৰপৰা সেই যাত্ৰাত শ্ৰীকৃষ্ণৰ নিষ্কৃতিত অৰক সন্দিহান যেন দেখি, শ্ৰীকৃষ্ণই বাৰম্বাৰ ডাঠি কৈছিল যে, তেওঁ মথুৰালৈ গৈ কংসক নিশ্চয় বধ কৰিবগৈ; সেই কথাত সকলো নিশ্চিন্ত থাওক।