শ্ৰীকৃষ্ণ
১৬৮
যমুনা পাৰ হওঁতে মাথােন অলপ পৰ ৰথ ৰখাই তাতে অকুৰে স্নান-
আহিকাদি প্রাতঃকৃত্য সমাপন কৰি ললে। স্নান কৰি থাকোতে ফট
ফটীয়াকৈ তেওঁৰ মনত পৰিছিল, ওপজা-কৃষ্ণ বসুদেৱৰ বুকৰপৰা যমুনাৰ
বুকলৈ সৰি পৰাৰ কথা; বসুদেৱৰ মুখে সেই কথা শুনালৈ মনত
কৰি কৃষ্ণভক্ত অকুৰে মনে মনে এই বুলি ভক্তিত তন্ময় হৈছিল,
এই যমুনাঘাটতে শ্রীকৃষ্ণই পিতৃৰ বুকৰপৰা পিছলি পৰি (১) প্রসৱ-
প্রক্ষালন স্নান-প্রক্রিয়াৰে সৈতে যমুন-জল পৱিত্ৰ কৰি গােকুলত
গােলােক পােহৰ দিবলৈ মথুৰা ত্যাগি যমুনা পাৰ হৈ গৈছিল !”
তাৰ পাচত, অকুৰ আকৌ ৰথত চৰিল হি। সাৰথিয়ে আৰােহীৰ
অভিপ্রায় অনুসৰি এইবাৰ ধীৰেশাতে ৰথ চলাবলৈ ধৰিলে; অকুৰ
কৃষ্ণভাবত তন্ময় হৈ গৈ থাকিল। চাওঁতে চাওঁতে ৰথ বৃন্দাবন
সােমালগৈ। অকুৰে চোৰাংচোৱাৰপৰা পাই থকা বর্ণনামতে অত
তত কৃষ্ণপদচিন্ লক্ষ্য কৰি যাবলৈ ধৰিলে। সেইভাৱে গৈ গৈ তেওঁৰ
ৰথ এখন বিস্তীর্ণ গৰখীয়া চাপৰিত উপনীত হলগৈ । তাতে অলেখ
গৰখীয়া লৰাৰ মাজত জিলিকি থকা ৰাম-কৃষ্ণৰ প্ৰত্যক্ষ'ৰূপ দর্শন কৰি
ভক্তিবিহ্বল হৈ ৰথৰপৰা নামি অকুৰে নিলগতে দীঘল দি পৰি সেৱা
⸻⸻⸻⸻⸻⸻
(১) হবিবংশ আৰু শ্ৰীমদ্ভাগ তত প্ৰমুখ্যে অন্যান্য পুৰাণত এই বিষয়ক অদ্ভুত বর্ণনা
একে সুৰেৰেই গোৱা হৈছে। কোনো কোনাে বৈষ্ণৱ টীকাকাবে ইমানলৈকে চাপি গৈ
কৃষ্ণপ্রেমপিপাসা পলুৱাইছে যে, পুণ্যসলিলা যমুনাক শ্ৰীকৃষ্ণৰ পাদপদ্ম স্পর্শ কৰাবৰ
উদ্দেশে হে ওপজা-কৃষ্ণ বসুদেৱৰ বুকবপৰা পিছলি পৰিছিল। কোনােৱে আকৌ
এই বুলিহে মন্তব্য প্রকাশ কৰে যে, কৃষ্ণপদ লালায়িতা যমুনাই বসুদেৱৰ বুকুলৈকে
উথলি উঠি শ্ৰীকৃষ্ণৰ পাদপদ্ম বক্ষেবে স্পর্শ কৰি আকৌ আপুনি তৰ পৰি গৈছিল।
সি যি হওক, সেইক্ষতে যে কৃষ্ণ বসুদেৱৰ বুকৰপৰা পিছলি পৰা দুর্ঘটনা
ঘটিছিল, তাত সন্দেহ নাই।