১৫। আধ্যা।
⸻⸻
অক্ৰুৰৰ বৃন্দাবন-যাত্রা।
অকুৰ এজন পৰম বৈষ্ণৱ। বিদ্যা-বুদ্ধিত তেওঁ এজন বিচক্ষণীয়া
পণ্ডিত। বল-বীৰ্য্যত তেওঁ যাদৱ কোৱৰসকলৰ মাজত সবাতকৈ অগ্রগণ্য
সম্বন্ধত তেওঁ ৰামকৃষ্ণৰ দদামেক; বসুদেৱৰ দদায়েকৰ
পুতেক ভায়েক। সেই গতিকেহে বসুদেৱ বাবলৈ অমান্তি হােৱাত,
মন্ত্ৰীৰ পৰামর্শমতে কংসৰাজে ৰাম-কৃষ্ণক মথুৰালৈ আনিৰ কাৰণে
অকুৰক বৃন্দাবনলৈ পঠিয়াবলৈ মনােনীত কৰে। আৰু, কংসৰাজৰ
অনুমােদিত সেই আজ্ঞা অঙ্কুৰে আগ্ৰহেৰে শিৰোধাৰ্য কৰাৰ অৰ্থ হৈছে
কৃষ্ণদর্শন লাভ। বাস্তৱতে, অকুৰ অতিশয় কৃষ্ণ-অনুৰাগী বৈষ্ণৱ ।
গােকুল, ব্ৰজ ধাম, বৃন্দাবনত শ্ৰীকৃষ্ণৰ মাহাত্মৰ কাহিনী শুনি শুনি
অকুৰৰ অন্তৰ কৃষ্ণ-আসক্তিৰে পূৰ্ণ হৈছিল, আৰু ৰাম-কৃষ্ণৰ ক্ষমতাত
তেওঁৰ অটল বিশ্বাস জন্মিছিল। দীর্ঘদশী ৰাজণীতি পুৰুষ অকুৰে
বেচকৈ বুজিছিল যে, দুর্দম স্বেচ্ছাচাৰী কংস ৰজাৰ অত্যাচাৰৰপৰা
যাদৱ ৰাজকুল প্ৰমুখ্যে মথুৰাবাসীক মুক্ত কৰিবলৈ শ্ৰীকৃষ্ণত বাজে
আন মুক্তিদাতা আৰু নাই। সেই কাৰণে হে অকুৰে, এপাত শৰেৰ
তিনি লক্ষ্য ভেদ কৰাৰ উদ্দেশ্যে, অতি আগ্ৰহেৰে বৃন্দাবনযাত্রালৈ
আগ বাঢ়িলে।
পিচদিনা পুৱাতে সাৰথিয়ে ৰজাঘৰীয়া ৰথ আনি অকুৰৰ বাটচৰাত
সাজু কৰিলেহি। অকুৰে বিষ্ণুক চিন্তি হৰিষচিতেৰে ওলাই আহি
ৰত চৰা মাত্ৰে সাৰথিয়ে বৃন্দাবনমুখে বায়ুবেগেৰে ৰথ চলাই দিলে।