শ্রীকৃষ্ণ।
১৬৬
সামৰিক ক্রীড়া দর্শনকৰিব। সেই আলােচনাসভাত প্রবল প্রতাপী
কংসৰাজে তেওঁৰ কল্পিত কাৰ্য-সিদ্ধিত উলাহিত হৈ, তেওঁৰ অন্য
অভিপ্রায়ে এই বুলি ব্যক্ত কৰিলে, “কৃষ্ণ আৰু বৰামক বধ কৰা
হলেই, বসুদেৱক উৎকটু শান্তি দি সদৌ ৰাইজে জনাকৈ বধ কৰা
সেয়ে হৈ উঠিলে দৈৰকৗ উন্মাদিনী হৈ আত্মঘাতিনী হব
যে সেইটো নিশ্চয়। তাৰ পাচত, মােৰ দুৰাচাৰ পিতৃ ভগাজা
উগ্রসেনক প্রাণে মাৰি একেবাৰে নিষ্কণ্টক হােৱা যাব।”(১) ইত্যাদি
দিহা আৰু সঙ্কল্পেৰে চতুর্দশী তিথিত ধনুজ্ঞ পাতিবলৈ আদেশ দি
কংস নিশ্চিন্ত হল। পিচদিনা কংশৰজাই যাদৱশ্রেষ্ঠ অকুৰক মতাই
আনি ৰথত চৰাই আগত থাকি বৃন্দাবনলৈ যাত্ৰা কৰালে।
⸻⸻⸻
(১) “আভ্যতাং ধনুর্যাগং চতুর্দাং যথাবিধি। বিশসন্তু পশূন্মেধ্যান ভুতবাজায় মীচুষে।”
“উগ্রসেনং মৎপিতৰং স্থবিৰং ৰাজ্যকামুক। তভ্রাতৰং দেবকঞ্চ যে চান্তে বিদ্বিষো মম।” শ্রীমদ্ভাগৱত, দশম স্কন্ধ, ৩৬ অধ্যা, ২১-২৩ শ্লোক।