পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ। বুঢ়া বোলাবলৈ জ্ঞান-বুদ্ধিত পৈণত হোৱাৰ পয়োজন। বসুদেব, তই ভাবিছ যে, তোৰ ৰামকৃষ্ণ নামে পুতেৰহঁত মোক বধ কৰি তোক ৰজা পাতিবহি; কিন্তু তোৰ সেই দুৰাশৰ তই বিপৰীত ফল পাবি, তোৰ সেই গৰখীয়া পুতেৰহঁতক অনতিপলমে ধৰাই আনি তোৰ চকুৰ আগতে বধ কৰোৱা হব।” সাগৰ যেন গম্ভীৰ প্ৰতি বসুসদৃশ বসুদেৱক কিন্তু অশেষ ককৰ্থনা আৰু বিভিষিকায়ো টাব নোৱাৰিলে, তেওঁ অকাতৰে আকৌ বন্দীশাললৈ গতি কৰিলে। তাৰ পাচত, কংসৰাজে অকুৰক মতাই আনি এই বুলি তেওঁক আজ্ঞা দিলে, “হে দানপতি। তুমি পৰম জ্ঞানী আৰু ৰাজভক্ত। তুমি ৰজাৰ হৈ তুৰন্তে বৃন্দাবনলৈ গৈ নন্দৰাজ সমম্বিতে ৰাম-কৃষ্ণক লৈ আহাগৈ; নন্দক কব, তেওঁ যেন এই বাৰ্ষিক শশাধাবলগীয়া কৰ (১) সমুদায় লগতে উচলকৈ লৈ আহে। আৰু, কৰা যে, কৃষ্ণ আৰু সঙ্কষণ নামে বসুদেবনলন যুগলক দেখা পাবলৈ কংসৰাজে বৰ হাবিয়াৰ কৰিছে। কাঁগৈ, মথুৰাধিপতিয়ে শুনি বৰ ৰং পাইছে যে, সেই যাদৱ কোৱৰ দুটি বৰ পাহুল, যত্নপৰায়ণ, যুদ্ধনিপুণ আৰু ৰঙ্গালয়ত সময়ানুৰূপ ৰণপ্ৰদৰ্শনত পাকৈত। সিবিলাক বেনে পাকৈত, তেনে পৈনত আমাৰ দুজন মালযুঁজাৰুৱে সিবিলাকৰে সৈতে যুঁজি ৰঙ্গমঞ্চত ৰং দেখুৱাবলৈ ৰং মনেৰে সাজু হৈছে। বিশেষ, সেই অমৰসদৃশ যোধপ্ৰধান বনচৰ ব্ৰজবাসী যাদৱ কোৱৰ দুটি মোৰ ভাগিন হয়, এতেকে আগন্তুক মহাযজ্ঞানুষ্ঠানত সিবিলাক অৱশ্যে দৰ্শনীয়। হে অকুৰ! কি কম, কৃষ্ণ আৰু সঙ্কৰ্ষণক দেখা পাবলৈ মোৰ মনত বৰ কৌতুহল হৈছে, গতিকে তুমি বৃন্দাবনলৈ গৈ সেই (১) ওপৰত যথাঠাইত উনুকিয়াই অহা হৈছে যে, নন্দ প্ৰমুখ্যে গোপবৰ্গ আৰু সদৌ ব্ৰজবাসী মথুৰাধিপতিৰ কবতলীয়া আছিল।