পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ। ১৫৮ সবিশেষ সন্ধান লবলৈ গুপুত ব্যৱস্থা কৰিলে (১)। যেতিয়া কংসই সঠিককৈ জানি উঠিলে যে, ৰাম আৰু কৃষ্ণ বসুদেৱৰ ৰোহিণী আৰু দৈৱকীৰ গৰ্ভজাত সন্তান, তেতিয়াৰপৰা তেওঁ ভিতৰি ভয়ত বিহ্বল হবলৈ ধৰিলে। আক, যেতিয়া তেওঁ বুজি উঠিল যে, কৃষ্ণ আন নহয়, সেই দৈববাণী প্ৰসূত “দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তান”, তেতিয়া কংস প্ৰকাশ্যে অস্থিৰ হৈ পৰিল। শেহান্তৰত, কৃষ্ণ-ভয়-চিন্তাই কংসৰ লগ নেৰা হল; তেওঁ সপোনতো প্ৰাণান্তক কৃষ্ণমূৰ্তি দেখা হল! সেই ভাৱেই ভালেমান দিন পাৰ হল। কংস ৰজাই এদিন মন্ত্ৰী, পাৰিষদ, পুৰোহিত আদি ৰাজ্যৰ জ্ঞানীলোকসকলক গেটাই লৈ সভাস্থলত নিজৰ মনোভাব ব্যক্ত কৰিলে। কি সহজ আৰু অব্যৰ্থ উপায়েৰে কৃষ্ণক বধিব পৰা যাব, তাৰ আলচ পত। হল। মন্ত্ৰী আৰু পাৰিসৰবৰ্গৰ ভিতৰত যেয়ে যেনে ভাল ভাবিলে, সেয়ে সেই মতে নিজ নিজ অভিমত প্ৰকাশ কৰিলে। সদৌশেহত পুৰোহিতে এই বুলি সিদ্ধান্ত দিলে, “মথুৰাধিপতি কংসৰাজে এটা ধনুৰ্যজ্ঞৰ অনুষ্ঠান কৰি তালৈ দশে নিমন্ত্ৰণ ঘোষণা কৰি দিওক; তাৰ লগতে বৃন্দাবনৰ অধিপতি নন্দৰাজকো নিমন্ত্ৰণ দিয়া হওক, তেওঁ যাতে ৰাম-কৃষ্ণক লগত লৈ যথা- সময়ত যজ্ঞস্থলত উপস্থিত হয়হি। নিমন্ত্ৰণ ৰক্ষাৰ্থে নন্দ যেতিয়া মথুৰা (১) বিষ্ণুপুৰাণ আৰু হৰিবংশৰ মতে দেহৰ্ষি নাৰদে হে বৃন্দাবনৰ ৰাম-কৃষ্ণব সংবাদ মথুৰাধিপতি কংসৰাজৰ আগত তিলকে তাল কৰি জ্ঞাপন কৰেহি। শ্ৰীকৃষ্ণ যে দৈৱকীৰ অষ্টম জাত সন্তান, সেই বিষয়ে নাৰদব মুখে হে কংসৰাজে সঠিক সন্তে পায়; নহলে তেওঁ যশোদাৰ কন্যা যোগমায়াক দৈৱকীৰ সেই অষ্টম সন্তান বুলি বধ কৰি তেতিয়ালৈকে নিশ্চিন্ত থকাৰ দৰে আগলৈকে থাকিলহেঁতেন। বিষ্ণুপুৰাণ, পঞ্চম খণ্ড, ১৯ অধ্যা; হৰিবংশ, বিষ্ণুপৰ্ব খণ্ড, ৭ অধ্যা।