পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৫ ব্যোমাসুৰ বধ। পোৱালিৰ লেখ বৰ শশাচনীয়কৈ পৰি যাবলৈ ধৰিলে (১)। সেই কথাত শ্ৰীকৃষ্ণ অতিকৈ ব্যথিত হল। সেই গভাই চোৰটোক কেনেকৈ ধৰি নিপাত কৰিব তাৰ নিমিত্তে তেওঁ চিন্তিত হল, আৰু সেই চিন্তা লৈয়ে কৃষ্ণ আৰু বলমে তন্নতন্নকৈ বৃন্দাবনৰ বন ভ্ৰমিবলৈ ধৰিলে। সেই উদ্দেশে ঘূৰোতে-ফুৰোঁতে এদিন চোৰ শ্ৰীকৃষ্ণৰ চকুত ধৰা পৰিল। সি বাস্তৰতে এটা অসুৰ যেন ভীষণ বনমানুহ (২)। সি এটা জোপাৰপৰা ওলাই ঠাপ মাৰি সৰু গৰখীয়া ৰা এটি ধৰি লৈ গোৱৰ্জন গিৰিৰ গুহালৈ ঢাপলি ধৰিছে, এনেতে শ্ৰীকৃষ্ণই দেখা পাই তাক পিচে পিচে খেদি নিলে। গৈ গৈ সেই চোৰ বনমানুহটোৰ গুপ্ত-গুহা পালেগৈ। গৈ পাই, তেওঁ দেখে যে, তেওঁৰ প্ৰিয় লগৰীয়া ভালেমান গৰখীয়া লৰা আৰু বহুত গৰু-পোৱালি শিলেৰে বেড়া গৰাল এটাত বন্দী কৰি থোৱা আছে (৩)। দেখি শ্ৰীকৃষ্ণৰ কৰুণ হিয়া শোকত বিগলিত হবলৈ ধৰিলে। তেওঁ আৰু সৰহ পৰ সহিব নোৱাৰি একে ফে গৈ সেই বনমানুহ চোৰটোৰ ওপৰত পৰি তাৰ চুলিত ধৰি তাক “ময়পুত্ৰো মহামায়ো বব্যানো গোপলিকেশ। মেষায়িতানপোবাহ প্ৰায়শ্চৌয়িতোব।” —শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ৩৭ আধ্যা, ২৩ শ্লোক। (২) সি ময় নামে দানবব পুত্ৰ। মহাপী হৈ (অলক্ষিতে) নিজৰ গুপ্ত অগিন্ধি কাৰ্যত পৰিণত কৰাত সি বৰ পাকৈত; সেই আপাহতে, শূন্য বা অদৃশ্য আকাশ বুল সি ব্যোমাসুৰ নামে অভিহিত। (৩) “গিৰিদৰ্যাং বিনিক্ষিপ্য নীতং নীতং মহাসু। শিলয়া পিদখে ঘৰং চতুঃপাবশেষিতাঃ।” মভাগৱত, দশম , ৩৭ আধ্যা, ২০ শ্লোক।