১৪৬ স্ব-স্ব স্বামীসকলৰে সৈতে সহবাসত থাকোতেও সেই বেণুগীত শুনি অধীৰা হৈ পৰে, কৃষ্ণভাৰ হৃদয়ত উপচি পৰে! কনৰ ভীষণ জন্তু আৰু বিষধৰ সৰ্পকে বাঁহী বজাই বশ কৰিবলৈ কৃষ্ণক কোনে মন্ত্ৰ দিলে? বিষম ৰোগ-ব্যাধি আদিৰ বিকাৰ গুচাবলৈ এই আগবয়সতে কৃষ্ণ কেনেকৈ ইমান পৈণত বেজজ্ঞানী হৈ উঠিল! আমি কাৰ্যত দেখি- ছেক কি?—দেখিছো, যতে বিপদ, ত’তে কৃষ্ণ; যতে কৃষ্ণ ত’তে ধৰ্ম; যতে ধৰ্ম্ম, ত’তে জয়। দেখি দেখি বিস্ময় মানিছোহঁক। তথাপি, মনৰ ভাব নিতে মাৰ নিয়াই মনে মনে আছোহক। কিয়? প্ৰাণপ্ৰতিম শ্ৰীকৃষ্ণৰ কৰুণ হিয়াত কিবা স্বৰূপে আঘাত লাগে বুলি। ইয়াকো আমি লক্ষ্য নকৰাকৈ থকা নাইহঁক যে, সেই ভাব কথাৰে ব্যক্ত কৰা দূৰৈত থাওক, ভাৱে-ভঙ্গীৰে বুজালেও তেজাল কৃষ্ণ ততালিকে শেতা পৰি যায়! সি যি হওক, আমাৰ মনৰ ভাব মনতে থাওক, হৃদয়ৰ ভক্তি হৃদয়তে ৰওক, তাক কোনো প্ৰকাৰে ব্যক্ত কৰি প্ৰাণ হৰি শ্ৰীকৃষ্ণৰ কৰুণ হিয়াত যেন আঘাত নলগাওঁহঁক। ইয়াৰ আগেয়ে বাৰচেৰেক আমাৰ সেই হৃদয়নাথ গোপালে স্পষ্টকৈ কৈ থৈছে যে, মানুহত বাজে আন বুলি ভাবিলে আমি তেওঁক হাততে হেৰুৱামক। এতেকে, আমি আমাৰ মনোভাবৰ বাহ্যিক ব্যাপ্তি হবলৈ নিদিয়াই যুগুত। শ্ৰীকৃষ্ণৰ ঈশ্বৰত আমাৰ আন্তৰিক ভাব যি কি নহওক, কৃষ্ণ যে পৰম সন্ত, পৰম বলৱন্ত, পৰম বুদ্ধিমত্ত, পৰম প্ৰতিপন্ন, পৰম জ্ঞানৰন্ত, পৰম কাৰ্যক্ষম, পৰম ধৰ্ম্মপৰায়ণ, পৰম ন্যায়পৰায়ণ, পৰ পৰোপকাৰী, পৰম কৰুণাময়, আৰু কৃষ্ণৰ সেই স্বৰ্গীয় গুণাবলী বিকাশৰ সাহায্যাৰ্থে যে ধীৰ-স্থিৰ গভীৰ অগ্ৰজ বলৰামৰ সহযোগিতা স্বাভাবিক, তাত ধনিষ্ঠামাননা সন্দেহ নাই; তাক মুক্তকণ্ঠে স্বীকাৰ নকৰি নোৱাৰোহঁক। ইও ধুপ যে, শ্ৰীকৃষ্ণ আদৰ্শ মানৰ হলে,
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৭৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই