পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ সেই ভাৱে আহচেৰেক নিৰাপদে পাৰ হোৱাৰ পাচত, আকৌ আন এবিধ আপদ মিলিল-এইবাৰ সি যুৰীয়া। যথাবিধি ভক্ষণ চাই এদিন গোপ-গোপিনী আৰু গৰখীয়া লৰা- ছোৱালী সমন্বিতে বাম-কৃষ্ণক লৈ নৰাজে অম্বিকা-খানলৈ যাত্ৰা কৰিলে। আগৰণুৱাকৈ এদল শিক্ষিত গৰখীয়া সেনাদলৰ নেতাৰূপে সবাৱৰে আগত স্বয়ং বেণুধৰ শ্ৰষ্ণ, আৰু গুৰিধৰাকৈ আন এদল গৰখীয়া সেনাদলৰ নায়কৰূপে ৰাম-শিক্ষাধাৰী স্বয়ং বলদেব, সমাজ ভাগত গোপ-গোপিনীৰে সৈতে পৰিবেষ্টিত হৈ স্বয়ং নদৰাজ, আৰু সমাজৰ অগা-পিচাকৈ আৰু মজামজিকৈ লগত গাখীৰ, গুৰ, দৈ, চিৰা, আখৈ, ক্ষীৰ, মাখন, বিউ, অন্ন, বস্ত্ৰ আৰু বিবিধ উপকৰণৰে সৈতে অপৰ্যাপ্ত পুজাৰ সমল এক ক্ৰোশ পৰিমিত পথ জুৰি নালয়ৰপৰা অম্বিকাপীঠলৈ শোভাযাত্ৰা কৰা হয়। ওৰবাটে পেপা, বাঁহী, বেণু, মুৰুলী, তাল, খোল, মৃদঙ্গাদিৰ সুমধুৰ বাদন; তাৰ তালে-চেৱে ৰজিতা খুৱাই গোৱা আৰু নচা গৰখীয়া সেনাদলৰ গা-তোলা গীত-নাচ; আৰু গোপ-গোপিনীৰ হিয়া-নচুৱা হৃদয়গ্ৰাহী কীৰ্ত্তনৰ ৰাগ-ৰাগিনীৰে সৈতে সেই শোভা যাত্ৰাই বৃন্দাবন প্ৰতিধ্বনিত কৰি এটি দেৱতাদুল্লভ অনুপম শোভা ধাৰণ কৰিছিল। কলভ্য জাতি মানুহৰ মনত মুকুতা-মণি বেনে আদৰা অলঙ্কাৰ, অসভা জাতিৰ মানত শমণি তেৰে আপুৰুগীয়া অৰ। অসমৰ নগা জাতিতে তাৰ বিশিষ্ট প্ৰমাণ পোৰ যায়। (৩) মস্তগত মতে অম্বিকা দৌলত যি অজগৰে নলৰ জীয়াই জীয়াই গিলিবলৈ ধৰিছিল, সি আজিৰ যিব শাপগ্ৰত মুদৰ্শন বিদ্যাধৰ। ৰ চৰণ শত সেই হেগতে তেওঁৰ উৰি হয়।-মগতে, দশম , ৩৪ আধ্যা, ১-১১।