বান্ধি মাখন-চোৰ কৃষ্ণক এৰাল দিয়ে; এগৰাকী কৃষ্ণ হৈ আন এগৰাকীক ৰাধা পাতি ছয়াকটাই পলুৱাই নিয়ে (১); কেইগৰাকী মানে শাৰী পাতি মূৰত মূৰ লগাই ফণাধাৰী কালিয় হয়, এগৰাকী তাৰ ওপৰত উঠি শ্ৰীকৃষ্ণৰ আহিৰে বিভঙ্গী হৈ বেণু বজায়; এগৰাকী গোপিকাই গাৰ আঁচল মেৰাই বাওঁহাতৰ কেঞ-আঙ্গুলিৰ মূৰত তুলি লৈ উৰ্দ্ধবাহু হৈ গোৱৰ্দ্ধনধাৰীৰ ভাও দিয়ে, আনবিলাকে মূৰ দোৱাই তাৰ তলত আশ্ৰয় লয়। ইত্যাদি নানা ব্যৱস্থাৰেও প্ৰাণ- কৃষ্ণক লাভ কৰিব নোৱাৰি গোপিনীসকল মৰাপায় হৈ ৰাসমঞ্চলৈ উলটি আহিল। আহি, আন উপায় নেদেখি, গোপিনীবৰ্গ বাউলী হৈ কদমৰ তলত আপোমনেৰে অকলশৰীয়াকৈ থিয় দি ৰং চাই থকা প্ৰশান্ত মূৰ্ত্তি বলৰামৰ পদত ঢলি ঢলি পৰিলগৈ। বলমে এটি গহীন হাঁহিমাৰি আশ্বাস-সমিধানেৰে বুজনি দিলে। তাৰ পাচত, ততালিকে ৰামশিঙ্গা বাজি উঠিল,“কোনোবা ফালৰপৰা উৰাৱত হৈ আহি শ্ৰীকৃষ্ণ ভম-কৰে আগতে ওলালহি! আতুৰা গোপিনীসকল বিস্ময়-বিহ্বল হৈ সেই পৰিথকাভাগেই মুছকছু, গল। ৰাম-কৃষ্ণ ততালিকে সিবিলাকৰ শুশ্ৰুষাত তৎপৰ হল। শ্ৰীকৃষ্ণৰ পুনঃ আবিৰ্ভাবত গোপিনীসকলে সঞ্জীবনী শক্তি লাভ কৰিলে, ৰাসমঞ্চ পুনঃ উদ্দীপিত হল। যোগ যোগীয়ে পুনঃ যোগাৰম্ভ কৰাৰ দৰে বিৰহ-বিহ্বল গোপিকাবৰ্গে এই পুনৰ্মিলনত সুকীয়া- (১) অগ্ৰজ মস্তাগৱতৰ এই ভেটিৰ ওপৰতে অনুজ ব্ৰহ্মৰৈপুৰাণে জাদি- ৰসৰ ৰহণ লগাই ৰাধাহৰণ চিত্ৰ আঁকিছিল বুলি মনে ধৰে। নহলে, “ৰাহৰণ চিত্ৰৰ আঁচ এটাও আনবিলাক পুৰাণ আৰু তাৰ পুৰ্ববৰ্তী হৰিণত পোৰা নাম কি?
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৫৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই