হিয়া দপ্ত হবলৈ ধৰিলে। তেওঁ বিনাই বিনাই এই বুলি খেদ কৰিবলৈ ধৰিলে যে, তেওঁৱেই সেই প্ৰাণান্তক বিপদৰ কাৰণ হল। কিয়নো, তেওঁ যদি ধেমালিৰ নিয়মৰ বান্ধত পৰি গোপীনাথৰ কানত উঠিবলৈ মৰণত শৰণ দি আগ বাঢ়িলহেঁতেন, তেন্তে এই মহা আপদ ঘটিবলৈ নাপালেহেঁতেন। সেই বুলি সেই ৰাধিকা-গোপিনীয়ে মাটিত বাগৰি বাগৰি বিনাবলৈ ধৰিলে (১)। তেওঁৰ বিননিত গছৰ পাত খিলি খিলি হল। আনবিলাক গোপিনীও সেই একে বিৰহবেদনাত বিয়াকুল। তাৰ উপৰি, সিবিলাকৰ অনুতাপ আৰু সহবেদনাৰ হিয়া- পোৰণি চৰিবলৈ ধৰিলে। কিয়নো, তেওঁবিলাকৰ বিচাৰ আৰু বাচনি মতেহে সেই ৰাতি সেই অভাগিনী গোপিনী গৰাকীৰ পালত ৰাধিকাৰ ভাও পৰিছিল, আৰু সিবিলাকে টানি-আঁজুৰি আগবঢ়াই নি বাধ্য কৰাত হে “ৰাধিকাৰ” সেই দুৰ্ঘটনা ঘটিবলৈ পালে, আৰু সিবিলাকৰ আপোন দোষতে আপোনাৰ গাত সেই অপায় মিলল। সেই দেখি, ৰাধিকাক বিবিধ বুজনিৰে সান্ত্বনা দি তুলি লগত লৈ আটাইটিয়ে পিয়া-পি-দি বৃন্দাবনৰ চউপাশে গোপিনীমোহন যশোদানন্দনক হেবাথৰি খাই বিচাৰিবলৈ ধৰিলে। জুম জুম্ হৈ সেই গোপিনীসকলে কৃষ্ণক বিচাৰে হে বিচাৰে, কৃষ্ণক কেৱে নাপায়! ইজুনে ভাবে সিজুমে পাইছে বুলি, সিজুমে ভাবে আন জুমে পাব পায় বুলি কেইজুম্ যেতিয়া কোনোবা পাকত ভেটাভেটি হয়, তেতিয়া হতাশত আটাইটি মূচ্ছ গৈ ঢলি ঢলি পৰে! এই দৰেই, কৃষ্ণক বিচাৰি নাপাই গোপিনীসকল উন্মাদিনীৰ নিচিনা হল;সিবিকে গছ-লতা, নৈবিল, চৰাইপ এইবোৰকো কৃষ্ণৰ (১) মাগৱতৰ এই “বাবা” ৰহ্মবৈবৰ্ত পুৰাণৰ ধা” নয়। বিংশ সেই “না” বা “বাধিকাৰ ওচৰণীয়ে যোব না।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৫৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই