পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঐকৃষ্ণ। Sob সেনানীৰে সৈতে লগলাগি গোৱৰ্ধন-সংস্কাৰ কাৰ্যত লিপ্ত আছিল। তাৰ পাচত, সেই অভিনয়তে মুভি আৰু অদিতি দেবীয় প্ৰমুখ্যে দেৱতাবৰ্গ আৰু ঋষিসকলৰ সাক্ষাতে স্বয়ং দেবৰাজ ইন্দ্ৰৰ দ্বাৰাই ভগবান শ্ৰীকৃষ্ণৰ অন্যতম বিশেষ নাম গোবিন্দ অভিহিত কৰোৱা হয়। (১) সেই দিনধৰি গোপবৰ্গে ইযজ্ঞৰ সলনি বছৰি গোৱৰ্ধন-পূজা (২) পতাৰ নিয়ম প্ৰচলন কৰে। সেই পূজাৰ প্ৰৱৰ্ত্তক শ্ৰীকৃষ্ণৰ দিহা মতে, প্ৰচুৰ অন্ন-ব্যঞ্জনাদি আৰু দৈ, ঘিউ, মাখন, নৱনী, মাহ-প্ৰসাদ আদি নৈবেদ্যৰে সৈতে গোৱৰ্ধনগিৰিত পূজা দিয়া হয়। আৰু সেই গিৰিবাসী বান্দৰ প্ৰমুখ্যে বিবিধ পহুপখ, পোক-পৰুৱা আদি অসংখ্যাত প্ৰকৃতি সন্তানে সেই নৈবেদ্যাদি উপভোগ কৰে। স্বৰপাৰ্থত, সেই গোৱন-পূজাক প্ৰকৃতপক্ষত প্ৰকৃতি-পূজা বোগা যায়। ইয়াৰ দ্বাৰাই ভগবান শ্ৰীকৃষ্ণই ভগৱদ্ভক্ত গোপবৰ্গক সৃষ্ট-মাহাত্ম পূজা কৰিবলৈ এটি অপূৰ্ব পন্থা প্ৰদান কৰে। (১) মাগৱত মহাপুৰাণ মতে, ভগবান শ্ৰীকৃষ্ণই অদ্ভুত শক্তিবে ইন্দ্ৰৰ ক্ৰোধ আৰু অভিমান ব্যৰ্থ কৰাত শকুল হৈ, দেৱতাজননী অদিতিৰ অনুমোদন অনুসৰি গো-জননী মুভি সমন্বিতে বৃন্দাবনলৈ আহি ইলুই ভগবান শ্ৰীকৃষ্ণ ক্ষমা ভিক্ষা কৰি ভকতবৎসল গোপাল শ্ৰীহৰিক ‘গোবিন্দ' নামে অভিহিত কবেহি। যেনে- “ইন্দ্ৰঃ সুৰৰ্ষিভিঃ সকিং চোদিততা দেবমাতৃতি। অত্যষিত দাশাহ গোবিন্দ ইতি চাভ্য থাৎ।” প্ৰমত্তাগত, দশম স্কন্ধ, ২৭ আধ্যা, ২১ শ্লোক। (২) গো অৰ্থত ইন্দ্ৰিয়গণ; যি মহাশক্তিয়ে সেই ইন্দ্ৰিয়গণক বন্ধন কৰে, সেই শক্তিৰ গৰাকীয়েই গোন। বৃন্দাবনৰ সেই মহাগিৰিক সেই মহাশক্তিবিশষ্ট বুলি ধৰি গোৱন্ধন বোলা যায়। এতেকে, গোবৰ্ধন মানে জগতত গোচাৰণ মূল, বা গোগণৰ পুষ্টিকাসক হনী গিৰি।