পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম হেদ। বিপত্নীসকলৰ কৃষ্ণানুৰাগ। কৃষ্ণৰ প্ৰতি পুৰুষতকৈও যে প্ৰকৃতি আসক্তি প্ৰৱল, তাৰ বিশিষ্ট প্ৰমাণ বিস্তৰ পোৰা যায়। তাৰ গোটাচেৰেক মখেন পুথিত সন্নিবিষ্ট হৈছে। ওপজাৰেপৰা চেমনীয়াটিলৈকে কৃষ্ণ গোপিনীৰ বুত, গোপিনীৰ কোচত, গোপিনীৰ কোলাত আৰু গোপিনীৰ মাজত ভাৰ হোৱা লৰা। সেই কাৰণেই তেওঁৰ প্ৰতি গোপিনীৰ অত্যধিক অনুৰাগ আৰু সময়ৰ লগে লগে, সেই অনুৰাগ-আসক্তি ক্ৰমাৎ চৰি আহিবলৈ ধৰিলে। সেই একে কাৰণতে কৃষ্ণৰৰ প্ৰকৃতিৰ প্ৰতি অনুৰাগ বৰ প্ৰৱল। গোনীবৰ্গলৈ তেওঁৰ প্ৰৱল ধাউতি। অকল ব্ৰজ গোপিনীসকলৰেই অত্যধিক কৃষ্ণাসক্তি এনে নহয়। ব্ৰজ বৃন্দাবনত সামান্য গোপগৃহিনী আৰু গোপকন্যাসকলত বাজে, বিপঙ্গীসকলৰৰ কৃষ্ণমুৰাগ বৰ প্ৰৱল আছিল। . সেই একেটা কাৰণেই। কৃষ্ণৰ বেথা-লগা কৰুণ স্বভাৱ আৰু মনোহৰ ৰুপে নাৰীপ্ৰাণ সহজে আকৰ্ষণ কৰে। তাৰ উপৰিও, কৃষ্ণজীৱনীত সংলগ্ন অদ্ভুত ঘটনাৱলীয়ে তেওঁৰ প্ৰতি নৰনাৰী সকলোৰে, বিশেষকৈ নাৰীজাতিৰ প্ৰেম-ভক্তি স্বভাৱতে টানি আনে। সেই বুলি কিন্তু, শ্ৰীকৃষ্ণ নাৰীগৰ প্ৰেমত বশ নহৈছিল, সবাৱৰে লগত তেওঁ ক্ষন্তেকীয়া সংপ্ৰতি মাথোন ৰাখিছিল।(১) সেই দিনা ৰহৰণলীলাৰ পাচত, বহু দুৰৈৰ চাপৰিত গৈ গৰু (১) “ইমং লোকমুখে ময়ন তং যদুন। ৰেমে ৰুশদয়া ৰুশীক্ষণ সৌহৃদয়।” মভাগৱত, তৃতীয় , এম আখ্যা, ২১ লোক।