৭৫ বাষৰ বধ? সেইখিনিতে শিং জোকাৰি ওলালহি। সেই ভয়ঙ্কৰ শিঙ্গাল বাড়টো দেখি গৰখীয়াৰ ভয়ত বিল হৈ পৰিল। দেখি, আতঙ্কত আতুৰ হৈ সিহঁতৰ কোনোৱে কৃষ্ণৰ গাত, কোনোৱে বৰামৰ পিঠিৰ পাচত আৰ লবলৈ ধৰিলে, আৰু বাকীবিলাকে আতঙ্কত আওঁৰাৰ কাৰি উপবনত খলক লগাবলৈ ধৰিলে। পিচে, লগৰীয়া গৰখীয়া- বুক সেইদৰে ভয়ত আতুৰ হোৱা দেখি, শ্ৰীকৃষ্ণই ততালিকে বুকু- ফিন্দাই আগ বাঢ়ি গৈ সেই বৃষৰ শিত ধৰি জোকাৰি পেলালে গৈ। তাৰ পাচত, ভালেমান পৰলৈকে বৃষৰ লগত কৃষ্ণৰ যুঁজ চলিবলৈ ধৰিলে। একোবাৰ কৃষ্ণই বৃষৰ শিঙ্গত ধৰি হেঁচুকি নি তাক থেকে খুৱাই বহুৱাই পেলায়; একোবাৰ বৃষে উলটি ধৰি কৃষ্ণক শিলৰ ওপৰত তুলি লৈ মতলীয়া দানৱৰ দৰে হাবিৰ মুখে ঢাপলি ধৰে। একেবাৰ কৃষ্ণৰ কিলত মমচা হৈ বৃষ মাটিত পেপাকাৰি পৰে একোবৰ সি হোক বাঘৰদৰে কাৰি উঠি গৈ কৃষ্ণক খুলা মাৰি পেলাই লৈ শিলেৰে খুচি পেটুক উলিয়াবলৈ বিচাৰে। শেহান্তৰত, এপাকত কৌশলী কৃষ্ণই বৃষৰ ঠেঙ্গত ধৰি তাক লুটিয়াই পেলাই তাৰ বুকুৰ ওপৰত বহিলৈ এহাতেৰে তাৰ উশাহগড়ত, ইহাতেৰে কাণসটাত ভুকুৱাবলৈ ধৰিলে। সেই কিলতে জিভা মেলি বৃষ তেতিয়াই মৰিল। গৰখীয়ান্দে কিৰিলি মাৰি গৈ, কৃষ্ণৰ অদ্ভুত বল বখানিবলৈ ধৰিলে। এয়ে “বৃষাসুৰ বধ”। ইয়াৰ দ্বাৰাই বৃন্দাবনৰ সেই উপ নিৰাপ কৰি, শ্ৰীকৃষ্ণই লগৰীয়া গৰখীয়াবৃন্দ আৰু ককায়েক বৰামৰে সৈতে। মনেৰে ঘৰলৈ উলটি আহিল।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১০৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই