পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পমদে। বৃষাসুৰ বধ। এদিন গৰখীয়াবন্দৰে সৈতে পৰিবৃত হৈ সুমধুৰ আলাপী পখী- সৱে ছাতিধৰা গছ-গছনিৰে সুশোভিত যমুনাপাৰৰ উপবনত ৰাম- কৃষ্ণই গৰু চৰাই ফুৰিছিল। আন-আন দিনাৰ দৰেই সেই দিনাও গৰখীয়া লৰাবিলাকে নানা তৰহৰ ধেমালি পাতি ৰং কৰি ফুৰিছে। কোনোৱে লৰি গৈ গছত উঠেগৈ, কেননাৱে ডালৰপৰা জাপ মাৰি মাটিত পৰেহি। কোনোৱে ইজোপা বনৰপৰা সিজোপাত পায়গৈ, কোনোৱে আকৌ পলৰীয়াক বিচাৰি হেবাগৰি খাই ফুৰে; কেনোৱে কৃষ্ণৰ বহীৰ সুৰত সৰ মিলাই পেপা বজায়; কেনোৱে বলৰামৰ শিঙাৰ ধ্বনিত প্ৰতিধ্বনি তুলি উকি মাৰি ৰিঙ্গিয়ায়; কোনোৱে কৃষ্ণৰ গীতিকৰ লগত কণ্ঠ মিলাই গীত গায়; কোনোৱে ৰামৰে সৈতে গলাগি তালে-তালে চাপৰি বজায়। এইদৰে নাচি-বাগি উমলি ফুৰোতেই বেলি দুপৰ হল; গৰখীয়াবৃন্দ তোক-পিয়াহত আতুৰ হোৱা যেন দেখা গল। কৃষ্ণই তালৈ লক্ষ্য কৰা মাৱে ৰাম-শিঙা বাজি উঠিল; সঙ্কেত পাই সকলোটিয়ে বনৰ মাজত সোমাই কলমৌ পাৰি খাবলৈ ধৰিলে। তাৰ পাচত, যমুনাত নামি পিয়াহ পলুৱাই পানী খাই আটাইটি পাৰলৈ উঠি আহি আকৌ সেই উপবনত কৃষ্ণ আৰু বলৰামক বেৰি ধৰি জুম বান্ধিলেহি। এনেতে, সেই উপবনত অঞ্চ জীৱ-জন্তুক খুচি-মাৰি মতলীয়া হৈ ফুৰা এটা দুৰ্দান্ত অনুৰ যেন ভয়ঙ্কৰ বৃষ (১) (১) মাগত, তৃতীয় কাজ, প্ৰথম খ্যা, ২ মোক।