পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১০১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ং সকললটি বাকক মাত লৈ মলাকাৰ হৈ বহিলহি। সিবিলাকৰ ভিতৰৰে কেইজনমান খুলন্তৰ লগৰীয়াই বিলনীয় উঠি, এজনে ভকত- মণ্ডলীৰ আগে আগে পানপাত পাৰি দিয়াত, দুজনমানে পাতে-পাতে সহৰ নৈবেদ্য বিলাই দিলেহি। তাৰ পাচত, আনন্দ-ভোজন আৰম্ভ হল, সকলোটিয়ে হৃ চিতেৰে হাঁহিমাতি ভোজন কৰিবলৈ ধৰিলে। এনেতে, ওচৰৰ এজোপা গছত বগোৱা লতাত লাগি পকি ওলমি থকা গোটাদিয়ে বেলিপকা গুটি দেখি তালৈ কেনমান গৰখীয়া-ভকতৰ বৰ লোভ লাগিল, আৰু এজনে গছৰ গুৰিত ঘূৰিপকি থকা বনৰীয়া গাধ এলৈ আঙ্গুলিয়াই আক্ষেপ কৰি কলে যে, সেই অসুৰ যেন বনৰীয়া জটোৱে ফেৰ পাতি নথকা হলে, সিবিলাকে সেই পাফল পাৰি আনি ভকতত লগাবহি পাৰিলেহেঁতেন। এই কথা কৃষ্ণৰ কাণত পৰা মাত্ৰে তেওঁ ককায়েক ৰামৰে সৈতে ততালিকে উঠি গৈ গছৰ গুৰি চাপিলগৈ। তাৰ পাচত, ধেনুক নামে সেই বনৰীয়া গাধটো ৰামক গতাই দি, কৃষ্ণ বেলিপকা পাৰিবলৈ গছত উঠিল। সিফালে বলবন্ত বলমে অলপৰ টোৰে সৈতে যু-বাগৰ কৰি তাক নিপাত কৰিলে, আৰু ইফালে কৃষ্ণই ফল পাৰি আনি গৰখীয়া-ভকতসকলৰ পাতে পাতে বিলাই দিলেহি। এই কনগাধ সংহাৰকে “ধোনুৰ বধ” বোল যায়। সদৌশেহত, যেতিয়া সন্ধ্যা চাপিল, নিজ ৰশ্মিজাল সামৰি লৈ ৰঙা- মুখে ৰঙাবেলি অস্তাচলত বহিলগৈ, তেতিয়া কৃষ্ণৰ সঙ্কেত অনুসৰি সামৰণি ৰামশিঙা বাজি উঠিল; আৰু ততালিকে গৰখীয়াবৃন্দ চাপি- কুচি আহি বনমালী ৰজাৰ আগত খুলেহি। তেতিয়া কৃষ্ণই মোহন মুগীত মুখ দি গোটাসিয়েক বছ বছা গট বজাৰলৈ ধৰিলে। সেই সন্ধিয়াপৰত মুলীৰ সুৰ আকাশ-পতাল তেদি বাজি উঠিল, গোটেই বৃন্দাবন প্ৰতিধ্বনিত হল, চৰাই-চিৰিকতি ডালত পৰি