পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৩০ শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণৰ অকাট্য যুক্তি। অৰ্জুন কিংকৰ্তব্যবিমূঢ়। এনে সমস্যাৰপৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যে ভগৱান বাসুদেৱে পুনপি অৰ্জ্জনক এই বুলি উদগনিৰ বুজনি দিলে, “হে কুন্তীনন্দন! তুমি বিমোৰ নহব। মই ইয়াৰ আগেয়েই কৈ আহিছো যে, উপস্থিত ধৰ্মযুদ্ধত তোমাৰ মৰণ মিলে যদি তোমাৰ স্বৰ্গলাভ নিশ্চয়; আৰু জয়ী হব পাৰা যদি তোমাৰ নিষ্কণ্টক ৰাজ্যলাভ। দুয়োহাতে তোমাৰ মঙ্গল। এতেকে, শোক, চিন্তা আৰু সংশয় পৰিত্যাগ কৰি, তুমি স্থিৰনিশ্চয় হৈ ৰণৰ উদ্দেশে গাত্ৰোখান কৰা (১)।” কিন্তু সিমানতো অৰ্জুনক চিন্তিত দেখি, ভগৱান দৈৱকীনন্দনে আপোনাৰ শিষ্য-সখি কুন্তীনন্দনক অনতিপলমে চৰ কৰ্তব্যজ্ঞান জ্ঞাপন কৰিলে, ‘সুখদুঃখে সমে কৃত্বা লাভালাভৌ জয়াজষৌ। ততো যুদ্ধায় যুজ্যম্ব নৈবং পাপমবাসি। অৰ্থাৎ, সুখ আৰু দুখ, লাভ আৰু অনুভ, জয় আৰু পৰাজয় সবাৱকে সমভাৱে চাই লৈ, তাৰ পাচত তুমি যুদ্ধত প্ৰবৃত্ত হোৱা, তাৰ বাবে তুমি পাপভাগী হব নালাগিব। মুঠতে, তুমি সুখৰ কামনা নকৰিবা, দুখৰ আশঙ্কাতে সঙ্কুচিত নহব। যুদ্ধত যে তোমাৰ লাভ হব সেইটোও নাভাবিব, অলাভ যে হব তাকে মনলৈ নানিবা; আৰু উপস্থিত মহাৰণত যে তোমাৰ জয় তাকো আশা নকৰিবা, পৰাজয় যে হব তাকে মনত ঠাই নিদিব। সেয়ে হলেই গুৰুজন আৰু জ্ঞাতিবধৰ পাপে তোমাক নাপায়।” (২) (১) গীতা, ২ আখা, ৩৭ লাক। ৪) গীতা, আতা, মোক।