পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মতত্ত্ব আৰু কৰ্তব্যজ্ঞান। ৬২৭ অনুষ্ঠানৰ বলত ভীমাদিয়ে যি পুণ্যতনু ধাৰণ কৰিছে, সেই তনু বৃদ্ধ বয়সত জীশ হবলৈ ধৰিছে। গতিকে সেই পুণ্যৰ ফলস্বৰূপেই সিবিলাকে নতুন তনু লাভ কৰিবৰ সময় চাপিছে। এতেকে, এই সময়ত সিবিলাকক বধ কৰি নতুন নতুন তনু লাভলৈ কাল চপাই দিব পাৰিলে তুমি সিবিলাকৰ উপকাৰ কৰাহে হব। যদি সেয়ে হয়, এই যুদ্ধতভোমাৰ হাতত সিবিলাকৰ দেহা হে পতন হব, আত্মাৰ লেশমাত্ৰও ক্ষয় নহয়; কিয়নো এই আত্মাক অস্ত্ৰেও কাটিব নোৱাৰে, পানীয়েও তিয়াব নোৱাৰে, জুয়েও পুৰিব নোৱাৰে, বায়ুৱেও শুকুৱাব নোৱাৰে। আত্মা কটি পৰা বস্তু নহয়, তিয়াৰ পৰা বস্তু নহয়, পুৰিব পৰা বস্তু নহয়, ই শুকুৱাব পৰা বস্তুও নহয়; ই অবিনাশী, সৰ্বব্যাপী, স্থিৰ, অপৰিবৰ্ত্তনশীল আৰু অনাদি। স্বৰূপত আত্মা অব্যক্ত, অচিন্ত্য আৰু অবিকাৰ্য। ই মনৰ অগোচৰ, জ্ঞানেন্দ্ৰিয়ৰ অগোচৰ, আৰু কৰ্ম্মন্দ্ৰিয়ৰৰ অগোচৰ। এতেকে, হে পাৰ্থ! এনে আত্মা বিনাশৰ মিছা আশঙ্কাত তুমি ব্যাকুল বা।” (১) ইমানতে যদি আত্মাক জনমশীল আৰু মৰণশীল বুলি মানিব খোজ, তেনেহলেও, হে মহাবাহে! তুমি সেইবাবে শোক কৰা কৰ্তব্য নহয়। কিয়নো জন্মিলেই মৰিব লাগে, সেইটো ধুৰুপ যেতিয়া, তেনে অপৰিহাৰ্য্য বিষয়ত লাগি অনৰ্থক শোক কৰা কোনোমতেই উচিত নহয়। আৰু, যদি বাসনা পূৰ্ণ নৌ হওঁতেই কাৰৰ মৃত্যু হয়, তেন্তে তাৰ পুনৰ্জন্ম অৱশ্যম্ভাবী। এতেকে, সেইদৰে হলেও, উপস্থিত ৰণত তোমাৰ প্ৰিয়জনৰ মৰণ মিলিলেও শোকৰ কাৰণ নাথাকে (২)।” (১) গীতা, ২য় অধ্যা, ২২-২৫ গোক। (২) গীতা, ২য় অধ্যা, ২৬-২৮ লোক।