পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬২ঃ শিষ্য হৈ জিজ্ঞাসু নহলে তিসিদ্ধ নিয়মমতে উপদেষ্টাই ব্ৰহ্মবিদ্যাৰ শিক্ষা দান নকৰে। গতিকে, অগত্যা পাৰ্থবীৰে নিতান্ত নিৰ্জ্জুভাৱে ভগৱান শ্ৰীকৃষ্ণত এই বুলি নিবেদন কৰিলে, “হে মাধৱ! মই অজ্ঞান জনিত নীচতদোষত কলুষিতচিত্ত আৰু ধৰ্ম্মবুদ্ধিবিমূঢ় হৈ তোত প্ৰাৰ্থনা জনাইছে, যি আমাৰ মঙ্গলকৰ হব, তাকে কৰিবলৈ মোক শ্ৰেয়ঃ উপদেশ দান কৰাঁ। মই শিষ্যত্ব গ্ৰহণ কৰি তোমাৰ শৰণাগত হৈছে; তুমি মোক শ্ৰেয়ঃ সাধনৰ যথাৰ্থ উপদেশ প্ৰদান কৰা (১)।” অৰ্জুনৰ অনুৰোধ ৰক্ষাৰ্থে হৃষীকেশে (২) উপহাসৰ ছলেৰে হাঁহি হাঁহি দুয়ো সৈন্যদলৰ মধ্যস্থিত বিষাদগ্ৰস্ত অৰ্জুনক বাঞ্ছিত শ্ৰেয়ঃ উপদেশ দিবলৈ এই বুলি আৰম্ভ কৰিলে (৩), “হে অৰ্জুন! তুমি অনুশোচনাৰ অযোগ্য গণৰ কাৰণে অনুশোচনা কৰিছ; আৰু পণ্ডিতৰ দৰে কথা কৈই, কিন্তু কাৰ্যত অনাত্মজ্ঞৰ চিনাকি দিছ। কিয়নো, পণ্ডিতে মৃত বা জীবিত বন্ধুৰ কাৰণে শোক প্ৰকাশ নকৰে (৪)।” “নকে নিত্যং বাসঃ” এনে ভাব প্ৰকাশেৰে অৰ্জ্জুনে এহতে দেহৰপৰা আত্মক স্বতন্ত্ৰ বুলি স্বীকাৰ কৰি পাণ্ডিত্য দেখুৱাইছে, আনহাতে স্থূলদেহাৰ লগতে যে সুদেহা আৰু আত্মাৰ বিনাশ নহয় সেইটো বুজিও নুবুজি শোকাকুল হৈছে। সেইবাবে তেওঁ নিজক অজ্ঞান যেন বুজাইছে। ইয়াৰ পাচত, ভগৱান শ্ৰীকৃষ্ণই এটাৰ পাচত আন এটাকৈ আত্মতত্ত্ব আৰু (১) গীতা, ২, আধ্যা ৭ম লোক। (২) ইন্দ্ৰিয়নিয়ন্তা কৃষ্ণ।—গীত, কৃষ্ণানন্দনিকৃত অষয়বোধিনী, ১০, লোক। (৩) এয়ে গীতাৰ অতিৰি। এইখিনিৰপৰাই প্ৰথমে ভগৱান আঙ্গত আৰু কৰ্তব্যজ্ঞান বাখ্যান আৰ কৰে। (0) গীতা, ২অধ্যা, ১১, লোক।