পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১৬
শ্ৰীকৃষ্ণ।
 

তত্ত্বপন্থা উপদেশ প্ৰাৰ্থনা কৰিলে। ভীষ্মদেৱে এই কেইটা কথাৰে সৈতে ধৰ্ম্মপ্ৰাণ যুধিষ্ঠিৰক চমুকৈ তত্ত্বজ্ঞান প্ৰদান কৰি বিদায় দিলে, “যতে ধৰ্ম্ম, ততে কৃষ্ণ; যতে কৃষ্ণ, ততে জয়ঃ’’।

 কৌৰৱ শিবিৰৰপৰা উলটি আহি ধৰ্ম্মৰাজ যুধিষ্ঠিৰে যথাক্ষণত যথাবিধি ৰণাৰম্ভণ ঘোষণা কৰি দিলেহি। ততালিকে পাঞ্চজন্য বাজি উঠিল; ঢাক-ঢোল, শঙ্খ-ডবা আদি ৰণ-বাদ্যৰ গা-তোলা চেৱে-চেৱে উৰুলীকৃত হৈ পাণ্ডৱবাহিনী ৰণ-অভিমুখে ক্ৰমাৎ আগুৱালৈ ধৰিলে। সিফালেও গগণভেদী জয়ধ্বনিৰে শত্ৰুৰ প্ৰাণত আতঙ্ক লগাই কৌৰৱ- বাহিনী আগুৱাই আহি নিৰ্দ্ধাৰিত সীমাত যুদ্ধাৰ্থে সষ্টম হলহি।